ভাৰতত যক্ষ্মা (টি.বি) ৰোগীৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে । এই দাবী বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ এক প্ৰতিবেদনৰ পৰা প্ৰকাশ পাইছে । কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডায়ো এই প্ৰতিবেদন সন্দৰ্ভত সামাজিক মাধ্যম এক্সত পোষ্ট কৰিছে । প্ৰধানমন্ত্ৰী মোদীয়েও এই ৰোগৰ বিৰুদ্ধে ভাৰতৰ অগ্ৰগতি সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বাৰ্তা আগবঢ়াইছে ।
WHOৰ তথ্যৰ ওপৰত কি ক’লে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ?
টি.বি সংক্ৰমণৰ বিৰুদ্ধে ভাৰতৰ যুঁজ সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা প্ৰতিবেদন সন্দৰ্ভত মন্তব্য কৰি নাড্ডাই কয় যে কেন্দ্ৰীয় চৰকাৰে ভাৰতক টি.বি মুক্ত কৰাৰ প্ৰতিশ্ৰুতিত দৃঢ়তাৰে থিয় দিছে । এই পৰিসংখ্যাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ২০১৫ চনৰ পৰা ২০২৩ চনলৈ টি.বিৰ প্ৰাদুৰ্ভাৱ ১৭.৭ শতাংশ হ্ৰাস পাব বুলি ডব্লিউ এইচ অ’ই ভৱিষ্যদ্বাণী কৰিছে আৰু এই ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ভাৰতৰ প্ৰচণ্ড অগ্ৰগতি স্বীকাৰ কৰিছে । তেওঁ আৰু কয় যে ভাৰতত টি.বি ৰোগীৰ হ্ৰাসৰ হাৰ বিশ্বজুৰি ৮.৩ শতাংশ হ্ৰাসৰ হাৰJ দুগুণতকৈও অধিক ।

টি.বিৰ বিৰুদ্ধে চৰকাৰৰ আঁচনিৰ কথা উল্লেখ কৰি নড্ডাই কয় যে টি.বি ৰোগীক প্ৰয়োজনীয় পুষ্টিৰ সহায় আগবঢ়োৱা হৈছে আৰু টি.বি ৰোগৰ চিকিৎসাৰ বাবেও ঔষধ দিয়াৰ এক নতুন পদ্ধতি প্ৰৱৰ্তন কৰা হৈছে যাৰ ফলত বহু ধৰণৰ ঔষধৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাইছে । তেওঁ স্বাস্থ্য মন্ত্ৰালয় আৰু স্বাস্থ্যকৰ্মীসকলক টি.বি আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰে ।
কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?
ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সত পোষ্ট কৰে । তেওঁ কয়, “প্ৰশংসনীয় অগ্ৰগতি ! টি.বি ৰোগীৰ সংখ্যা হ্ৰাস ভাৰতৰ নিষ্ঠা আৰু উদ্ভাৱনী প্ৰচেষ্টাৰ ফল । এক সামূহিক মনোভাৱৰ জৰিয়তে আমি টি.বি মুক্ত ভাৰতৰ দিশত কাম কৰি যাম ।”
