যশপ্ৰীত বুমৰাহৰ নেতৃত্বত পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন টেষ্টত ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ইতিহাস সৃষ্টি কৰি এক দৰ্শনীয় জয় সাব্যস্ত কৰে । দ্বিতীয় সন্তানৰ জন্মৰ বাবে ৰোহিত শৰ্মা ভাৰতত আছিল, যাৰ ঠাইত প্ৰথম টেষ্টত বুমৰাহে অধিনায়কত্ব গ্ৰহণ কৰিছিল । অধিনায়কত্ব গ্ৰহণ কৰাৰ সমান্তৰালকৈ বুমৰাহে বলিঙতো দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই প্ৰথমখন মেচত আয়োজক দলটোক ২৯৫ ৰানত পৰাস্ত কৰে । ৬ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া দ্বিতীয়খন টেষ্ট মেচত বুমৰাহে নিজৰ নামত ডাঙৰ অভিলেখ গঢ়িব পাৰে । তেওঁ মাত্ৰ এটা উইকেট দখল কৰি এই ক্ষেত্ৰত বিশ্বৰ প্ৰথমজন বলাৰ হিচাপে পৰিগণিত হ’ব পাৰে ।
১ উইকেট দখল কৰি বুমৰাহে স্থাপন কৰিব অভিলেখ-
প্ৰথমখন মেচত ৮টা উইকেট দখল কৰা যশপ্ৰীত বুমৰাহে এডিলেইড টেষ্টত এটা উইকেট দখল কৰি ডাঙৰ কৃতিত্ব অৰ্জন কৰিব পাৰে । প্ৰকৃততে ২০২৪ চনত বুমৰাহে এতিয়ালৈকে ৪৯টা টেষ্ট উইকেট দখল কৰিছে । তেওঁ এইবাৰ ৫০টা টেষ্ট উইকেট সম্পূৰ্ণ কৰিবলৈ এটা উইকেট বাকী আছে । এডিলেইডত এটা উইকেট দখল কৰি তেওঁ ২০২৪ চনত ৫০টা টেষ্ট উইকেট দখল কৰা বিশ্বৰ প্ৰথমজন বলাৰ হিচাপে পৰিগণিত হ’ব । ভাৰতৰ আৰ অশ্বিন ৪৬ উইকেটৰে দ্বিতীয় স্থানত আছে যদিও দ্বিতীয় টেষ্টত ভাৰতৰ মূল একাদশত স্থান পোৱাৰ সম্ভাৱনা কম ।