২০২৪ বৰ্ষক ভাৰতৰ ভিতৰতে সৰ্বাধিক উষ্ণ অথবা গৰম বছৰ হিচাপে ঘোষণা কৰা হৈছে । ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ২০২৪ চনত দেশখনে ১৯০১ চনৰ পিছত সৰ্বাধিক বাৰ্ষিক গড় বায়ুমণ্ডলৰ উষ্ণতা ৰেকৰ্ড কৰিছে, যিটো দীৰ্ঘম্যাদী গড়তকৈ +০.৬৫ ডিগ্ৰী চেলছিয়াছ ওপৰত আছিল ।
যোৱা শতিকাত উষ্ণতাৰ ধাৰা যথেষ্ঠ বৃদ্ধি পাইছে, প্ৰতি ১০০ বছৰত +০.৬৮ ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পাইছে । ২০১৬ চনতো উচ্চ উষ্ণতা ৰেকৰ্ড কৰা হৈছিল, যেতিয়া উষ্ণতাৰ বিসংগতি আছিল +০.৫৪ ডিগ্ৰী চেলছিয়াছ, যি এই বছৰৰ তুলনাত কম আছিল ।
+০.৮৩ ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পালে তাপমাত্ৰা-
বতৰৰ তথ্যই দেখুৱাইছে যে বাৰিষাৰ পিছৰ ঋতু আটাইতকৈ বেছি প্ৰভাৱিত হৈছিল, তাপমাত্ৰা +0.৮৩° চেণ্টিগ্ৰেড বৃদ্ধি হৈছিল । সমগ্ৰ দেশত নিম্নতম আৰু সৰ্বাধিক তাপমাত্ৰাৰ প্ৰৱণতা প্ৰতি ১০০ বছৰত ক্ৰমান্বয়ে 0.৮৯° চেণ্টিগ্ৰেড আৰু 0.৪৬° চেণ্টিগ্ৰেড বৃদ্ধি হোৱা দেখা গৈছে ।
ডিচেম্বৰ ২০২৪-ত বিশেষকৈ এই উষ্ণতাৰ প্ৰৱণতা প্ৰতিফলিত হয়, দক্ষিণ উপদ্বীপ অঞ্চলত নিম্নতম তাপমাত্ৰাৰ বিসংগতি +২.১৫° চেণ্টিগ্ৰেড ৰেকৰ্ড কৰা হয়, যি ১৯০০ দশকৰ আৰম্ভণিৰ পৰা সৰ্বাধিক ।
ভাৰসাম্যৰ অৱনতি-
এই বৃদ্ধি পোৱা তাপে জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ স্পষ্টভাৱে প্ৰতিফলিত কৰে যিয়ে কেৱল পৰিৱেশৰ ভাৰসাম্য বিঘ্নিত কৰাই নহয়, কৃষি, পানী বিতৰণ, মানৱ স্বাস্থ্যৰ দৰে বিভিন্ন খণ্ডতো ইয়াৰ গভীৰ প্ৰভাৱ পৰিছে ।
উষ্ণতাৰ এই ধাৰা ভাৰতৰ দৰে উন্নয়নশীল দেশ এখনৰ বাবে চিন্তাৰ বিষয় আৰু ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ বহনক্ষম আৰু সুনিৰ্দিষ্ট ব্যৱস্থাৰ প্ৰয়োজন । এই বৰ্ধিত তাপৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ সকলো স্তৰতে সুনিৰ্দিষ্ট প্ৰচেষ্টা আৰু সহযোগিতা প্ৰয়োজনীয় ।