দিল্লী চৰকাৰে এতিয়া প্ৰতিটো ফ্ৰণ্টতে কঠোৰভাৱে কাম কৰা দেখা গৈছে । দিল্লী চৰকাৰে প্ৰদূষণ সন্দৰ্ভতো কাম আৰম্ভ কৰিছে । দিল্লী চৰকাৰৰ পৰিৱেশ মন্ত্ৰী মঞ্জিন্দৰ সিং ছিৰছাই আজি এই সন্দৰ্ভত চৰকাৰৰ পক্ষ দাঙি ধৰে । তেওঁ স্পষ্টকৈ কয় যে প্ৰথমে আমি দিল্লীৰ প্ৰদূষণ বন্ধ কৰিব লাগিব, তেতিয়াহে আমি আন ৰাজ্যক ক’ব পাৰিম ।
মঞ্জিন্দৰ সিং ছিৰছাই কয় যে দিল্লীত প্ৰদূষণৰ অন্ত পেলাবলৈ ১৫ বছৰীয়া বাহনসমূহে ১ এপ্ৰিলৰ পৰা পেট্ৰ’ল নাপাব । আমি এটা দল গঠন কৰিছো যিয়ে ১৫ বছৰীয়া বাহন চিনাক্ত কৰিব ।
তেওঁ কয় যে, গধুৰ বাহন সন্দৰ্ভত আমি প্ৰথমে তদন্ত কৰিম কোনখন বাহন দিল্লীত প্ৰৱেশ কৰিছে । নিৰ্ধাৰিত নিয়ম অনুসৰি দিল্লীত প্ৰৱেশ কৰিছে নে নাই ? লগতে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক বাগিচা অভিযানত অন্তৰ্ভুক্ত কৰা হ’ব ।
পৰিবেশ মন্ত্ৰীগৰাকীয়ে কয় যে দিল্লীত বহুতো বৃহৎ প্ৰতিষ্ঠান আছে, যিয়ে প্ৰদূষণৰ সৃষ্টি কৰে । আমি তেওঁলোকক প্ৰদূষণ হ্ৰাস কৰিবলৈ নতুন গেজেট স্থাপনৰ নিৰ্দেশনাও জাৰি কৰিছো ।
দিল্লীৰ ওখ অট্টালিকাত এণ্টি স্মোক গান স্থাপন কৰাটো বাধ্যতামূলক হ’ব । দিল্লীৰ সকলো বাণিজ্যিক কমপ্লেক্স আৰু হোটেলত স্মোক গান স্থাপন কৰাটো বাধ্যতামূলক হ’ব । দিল্লীৰ খালী ভূমিত নতুন বনাঞ্চলৰ সৃষ্টি কৰা হ’ব যাতে প্ৰদূষণ হ্ৰাস কৰিব পৰা যায় ।
মঞ্জিন্দৰ সিং ছিৰছাই কয় যে আমি ক্লাউড ছিডিঙৰ কামো আৰম্ভ কৰিম । দিল্লীত নিৰ্মাণ হৈ থকা নতুন ওখ অট্টালিকাসমূহৰ ক্ষেত্ৰতো নতুন নিয়ম প্ৰযোজ্য হ’ব । আমাৰ এটাই লক্ষ্য, প্ৰদূষণৰ সৃষ্টি কৰাজনেও সমাধান দিব । যেতিয়া আমি আমাৰ ৰাজ্যত প্ৰদূষণ কমাব পাৰিম তেতিয়াহে আমি আন ৰাজ্যক কব পাৰিম । দিল্লীৰ নিজা প্ৰদূষণো ৫০ শতাংশতকৈও অধিক । আমি আমাৰ কৰ্তৃপক্ষক জনাইছো যে চৰকাৰ সম্পূৰ্ণ সহায় আগবঢ়াবলৈ সাজু ।