দেশত প্ৰতি বছৰে ১৪ এপ্ৰিলত ড° ভীমৰাও আম্বেদকাৰৰ জন্ম বাৰ্ষিকী পালন কৰা হয় । এই দিনটোক ভীম জয়ন্তী বুলিও জনা যায় । এই দিনটো ‘ভাৰতীয় সংবিধানৰ পিতৃ’ ড০ ভীমৰাওৰ জন্মদিন হিচাপে পালন কৰা হয় । ১৮৯১ চনত জন্মগ্ৰহণ কৰা আম্বেদকাৰ কেৱল ভাৰতীয় সংবিধানৰ মুখ্য স্থপতি নহয়, স্বাধীন ভাৰতৰ প্ৰথম আইন মন্ত্ৰী, ন্যায়াবিদ, অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক আছিল । এনে পৰিস্থিতিত প্ৰতি বছৰে সমগ্ৰ দেশতে তেওঁৰ জন্ম বাৰ্ষিকী পূৰ্ণ ভক্তি আৰু শ্ৰদ্ধাৰে পালন কৰা হয় ।
১৪ এপ্ৰিল ২০২৫ত ড° আম্বেদকাৰৰ ১৩৫ সংখ্যক জন্ম বাৰ্ষিকী । এই দিনটোত সমগ্ৰ ভাৰতবৰ্ষতে চৰকাৰী বন্ধৰ দিন । আম্বেদকাৰ জয়ন্তীৰ দিনা বিভিন্ন স্থানত ৰেলী আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় । বিদ্যালয়, মহাবিদ্যালয় আৰু চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানত তেওঁৰ ধাৰণা চৰ্চা হয়, আম্বেদকাৰৰ প্ৰতিমূৰ্তিৰ মালা পিন্ধাই মানুহে শ্ৰদ্ধাঞ্জলি জনায় । জানক আম্বেদকাৰ জয়ন্তীৰ ইতিহাস আৰু গুৰুত্ব-
আম্বেদকাৰ জয়ন্তীৰ ইতিহাস-
উল্লেখ্য যে আম্বেদকাৰ জয়ন্তী প্ৰথমবাৰৰ বাবে ১৯২৮ চনৰ ১৪ এপ্ৰিল তাৰিখে পুনেত পালন কৰা হৈছিল । এই পদক্ষেপ গ্ৰহণ কৰে সমাজকৰ্মী জনাৰ্দন সদাশিৱ ৰণপিছে । তেতিয়াৰ পৰাই এই পৰম্পৰা প্ৰতি বছৰে চলি আহিছে আৰু আজি কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বৰ বহু দেশত বসতি স্থাপন কৰা ভাৰতীয় সম্পৰ্দায়েও এই দিৱস পালন কৰে ।
আম্বেদকাৰ জয়ন্তীৰ গুৰুত্ব-
আম্বেদকাৰ জয়ন্তীৰ মূল উদ্দেশ্য হৈছে সমাজত সমতা, ভাতৃত্ববোধ আৰু ন্যায়ৰ ধাৰণা প্ৰচাৰ কৰা । সংবিধান প্ৰণয়নত ড° আম্বেদকাৰে যি অৱদান আগবঢ়াইছিল সেয়াই আছিল ভাৰতক আধুনিক, গণতান্ত্ৰিক আৰু সমতাবাদী ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ভেটি । তেওঁ নাৰী, পিছপৰা শ্ৰেণী আৰু দলিত সম্প্ৰদায়ক সবলীকৰণৰ বাবে বহু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছিল । তেওঁ কৈছিল, ‘শিক্ষিত হওক, সংগঠিত হওক আৰু সংগ্ৰাম কৰক ।’ এই বাৰ্তাই আজিও মানুহক অনুপ্ৰাণিত কৰে ।