ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে ঘৰুৱা ক্ষেত্ৰত নিউজীলেণ্ডৰ বিৰুদ্ধে ৩খনীয়া খেলৰ টেষ্ট শৃংখলা খেলি আছে । প্ৰথম দুখন মেচত জয়লাভ কৰি কিৱি দলে ইতিমধ্যে ২-০ ব্যৱধানত শৃংখলা দখল কৰিছে । অহা ১ নৱেম্বৰৰ পৰা মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই শৃংখলাৰ অন্তিমখন টেষ্ট ।
উল্লেখ্য যে, নিউজীলেণ্ডে প্ৰথমবাৰৰ বাবে ভাৰতত টেষ্ট ছিৰিজত জয়লাভ কৰিছে । কিন্তু এতিয়া ভাৰতীয় দলটোৱে অন্তিমখন টেষ্ট মেচত জয়ী হৈ নিজৰ সন্মান ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হ’ব । এই টেষ্টত ভাৰতে জয়লাভ কৰাৰ সম্ভাৱনাই অধিক, কাৰণ ৱাংখেড়েত ভাৰতীয় দলৰ টেষ্ট অভিলেখ যথেষ্ট ভাল ।
পিছৰবাৰ বাংখেড়েত নিউজীলেণ্ডক পৰাস্ত কৰিছিল-
ভাৰতীয় দলটোৱে বিগত ১২ বছৰে এই খেলপথাৰত কোনো টেষ্টত পৰাস্ত হোৱা নাই । এই খেলপথাৰত শেষৰখন টেষ্ট আছিল ২০২১ চনৰ ডিচেম্বৰ মাহত নিউজীলেণ্ডৰ বিৰুদ্ধে । এই টেষ্টখনত ভাৰতে ৩৭২ ৰানৰ ব্যৱধানত জয়লাভ কৰিছিল । কিৱি দলে এই পৰাজয় কেতিয়াও পাহৰিব নোৱাৰে ।
ভাৰতীয় দলটোৱে শেষবাৰৰ বাবে ২০১২ চনৰ নৱেম্বৰ মাহত ৱাংখেড়েত পৰাজয়ৰ সন্মুখীন হৈছিল । তেতিয়া ইংলেণ্ড ১০ উইকেটত পৰাস্ত হৈছিল । ইয়াৰ পিছত ভাৰতীয় দলটোৱে এই খেলপথাৰত ৩ খন টেষ্ট খেলি তিনিওখনতে জয়লাভ কৰিছিল । এই সময়ছোৱাত ক্ৰমে ৱেষ্ট ইণ্ডিজ, ইংলেণ্ড আৰু নিউজীলেণ্ড পৰাজিত কৰিছিল দলটোৱে ।
ৱাংখেড়েত ভাৰতীয় দলৰ টেষ্ট অভিলেখ-
মুঠ টেষ্ট : ২৬
জয়ী : ১২
পৰাজিত : ৭
ড্ৰ’: ৭
ৱাংখেড়েত নিউজীলেণ্ড দলৰ টেষ্ট অভিলেখ-
মুঠ টেষ্ট : ৩
জয়ী : ১
পৰাজয় : ২
ভাৰতীয় দলৰ বাবে এটা ভাল খবৰ-
তৃতীয় টেষ্টৰ পূৰ্বে ভাৰতীয় দলৰ বাবে এটা ভাল খবৰ ওলাইছে । নিউজীলেণ্ডৰ তাৰকা বেটছমেন কেন উইলিয়ামছন তৃতীয়খন টেষ্টৰ বাবে মুম্বাইলৈ নাহে । অৰ্থাৎ উইলিয়ামছন তৃতীয় টেষ্টৰ পৰা বাহিৰ হ’ব । তেওঁ প্ৰথম দুখন টেষ্টো খেলা নাছিল । উইলিয়ামছনৰ আগমনৰ লগে লগে কিৱি দলটো আৰু অধিক শক্তিশালী হৈ পৰে ।
পিঠিৰ আঘাতৰ পৰা সুস্থ হৈ উঠিবলৈ নিউজীলেণ্ডতে থাকিব উইলিয়ামছন । এতিয়া তেওঁ ২৮ নৱেম্বৰৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে তিনিখনীয়া টেষ্ট শৃংখলাত খেলিব ।