গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰা বিশ্বৰ আটাইতকৈ বয়সীয়াল জাপানী মহিলা টমিকো ইটছুকাৰ ১১৬ বছৰ বয়সত মৃত্যু হয় । মধ্য জাপানৰ হ্যোগো প্ৰিফেকচাৰৰ আছিয়া চহৰৰ এটা কেয়াৰ হোমত ইটছুকাৰ মৃত্যু হয় বুলি খবৰ নিশ্চিত কৰিছে আছিয়া চহৰৰ বৃদ্ধ নীতিৰ দায়িত্বত থকা যোছিটছুগু নাগাটাই ।
কল আৰু কেলপিছ নামৰ জাপানীজ দৈৰ সোৱাদযুক্ত পানীয় ভালপোৱা ইটছুকাৰ জন্ম হৈছিল ১৯০৮ চনৰ ২৩ মে’ত । হাইস্কুলত ভলীবল খেলুৱৈ আছিল তেওঁ । ৩গৰাকী ভাই-ভনীৰ ভিতৰত তেওঁ আছিল জ্যেষ্ঠ । ২০ বছৰ বয়সত বিবাহপাশত আবদ্ধ হয় ইটছুকাৰ । ১৯৭৯ চনত তেওঁৰ স্বামীৰ মৃত্যু হয় । দ্য নিউয়ৰ্ক টাইমছৰ তথ্য অনুসৰি তেওঁ এগৰাকী কন্যা, এজন পুত্ৰ আৰু পাঁচগৰাকী নাতি-নাতিনীক এৰি থৈ যায় ।
জেৰন্টোলজী ৰিচাৰ্চ গ্ৰুপৰ মতে ইটুছুকাৰ মৃত্যুৰ পিছত ইনাহ কানাবাৰো লুকাছ বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি হিচাপে পৰিগণিত হৈছে । ব্ৰাজিলৰ কানাবাৰোৰ বয়স বৰ্তমান ১১৬ বছৰ । ইটছুকাৰ জন্মৰ ১৬ দিনৰ পিছত তেওঁৰ জন্ম হৈছিল । আছিয়াৰ মেয়ৰ ৰিয়াছুকে তাকাছিমাই কয় যে যোৱা দেওবাৰে ইটছুকাৰ মৃত্যু হয় । তেওঁ জীৱনকালত বিশ্বযুদ্ধ আৰু মহামাৰীৰ লগতে পৰিৱৰ্তিত প্ৰযুক্তিৰ সাক্ষী হৈছিল । তেওঁৰ দীৰ্ঘজীৱনে আমাক আশা আৰু সাহস দিলে । অৱশ্যে স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে বয়সৰ লগত জড়িত জটিলতাৰ বাবে তেওঁৰ মৃত্যু হৈছে ।
তেওঁৰ মৃত্যুত দুখ প্ৰকাশ কৰিছে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে । গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে এক্সত শ্বেয়াৰ কৰা এক পোষ্টত প্ৰকাশ কৰিছে যে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি টমিকো ইটছুকাৰ ১১৬ বছৰ বয়সত মৃত্যু হৈছে । তেখেতৰ পৰিয়ালক আমাৰ সমবেদনা জ্ঞাপন কৰিলোঁ । শ্ৰীমতী ইটুছুকাই তেওঁৰ দীৰ্ঘ জীৱনত আমাক বহুত সাহস আৰু আশা দিলে । তেওঁলৈ আকৌ এবাৰ কৃতজ্ঞতা, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ ।