১০ দিনৰ ভিতৰত গ্ৰেপ্তাৰ হ’ব এগৰাকী নৱনিযুক্ত উচ্চ পদস্থ চৰকাৰী বিষয়া। CM ভিজিলেন্সৰ ট্ৰেকত পৰিছে উৎকোচ লোৱা চৰকাৰী বিষয়া।
দেওবাৰে কলাক্ষেত্ৰত নিযুক্তি পত্ৰ বিতৰণ কৰি এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব জনাই।মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, “এমাহ ধৰি চৰকাৰী বিষয়াজন আমাৰ টাৰ্গেটত আছে।
চালক আৰু দেহৰক্ষীৰ GPAY ৰ জৰিয়তে উৎকোচ লৈছিল চৰকাৰী বিষয়া গৰাকীয়ে”। জানিব পৰা মতে বিগত ৩ বছৰৰ ভিতৰত নিযুক্তি লাভ কৰিছিল দুৰ্নীতিগ্ৰস্ত বিষয়াজনে।নতুনকৈ নিযুক্তি লাভ কৰিয়েই লৈছিল উৎকোচ।
শীঘ্ৰেই দুৰ্নীতিগ্ৰস্ত বিষয়াজনক গ্ৰেপ্তাৰ কৰা ঘোষণাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। জানিব পৰা মতে শীঘ্ৰেই দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকীৰ নাম ঠিকনা ৰাজহুৱা কৰোৱা হ’ব । নাম নোলোৱাকৈয়ে ভাষণত দুৰ্নীতিগ্ৰস্ত বিষয়াজনৰ কথা ক’লে মুখ্যমন্ত্ৰীগৰাকীয়ে।