নিউজীলেণ্ডৰ বিৰুদ্ধে মুম্বাইত খেলা টেষ্ট শৃংখলাৰ তৃতীয় আৰু অন্তিমখন খেলতো পৰাজিত হৈছে টীম ইণ্ডিয়া । ৰোহিত শৰ্মাৰ নেতৃত্বত খেলা টীম ইণ্ডিয়াই মুম্বাই টেষ্টত ২৫ ৰাণত পৰাজিত হয় । ইয়াৰ লগে লগে ভাৰতৰ মাটিতে ভাৰতীয় দলক তিনিখনীয়া টেষ্ট শৃংখলাত হোৱাইটৱাছ কৰা প্ৰথম দল হিচাপে পৰিগণিত হৈছে নিউজীলেণ্ড ।
টীম ইণ্ডিয়াই ১৯৩৩-৩৪ চনত প্ৰথমবাৰৰ বাবে ঘৰুৱা মাটিত ইংলেণ্ডৰ বিৰুদ্ধে এখন টেষ্ট শৃংখলা খেলিছিল । তিনিখনীয়া খেলৰ টেষ্ট শৃংখলাটোত ইংলেণ্ডে ২-০ ব্যৱধানত জয়লাভ কৰিছিল । ইয়াৰ পাছতে নিউজীলেণ্ড টেষ্ট ক্ৰিকেটৰ ইতিহাসৰ প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে, যিয়ে ভাৰতত তিনিখনীয়া খেলৰ টেষ্ট শৃংখলাত ভাৰতক ৩-০ ত পৰাস্ত কৰিছে । নিউজীলেণ্ডে টম লাথামৰ অধিনায়কত্বত এই ঐতিহাসিক কৃতিত্ব অৰ্জন কৰিছে ।
১৯৩৩ চনৰ পৰা যদি দেখা যায়, প্ৰায় ৯১ বছৰৰ পাছত টিম ইণ্ডিয়াই ৩ খনীয়া মেচৰ টেষ্ট শৃংখলাত ৩-০ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছে । ৰোহিত শৰ্মাৰ অধিনায়কত্বত এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল টিম ইণ্ডিয়া ।
কম টাৰ্গেটত ব্যৰ্থ টিম ইণ্ডিয়া-
মেচখনৰ তৃতীয় দিনা টিম ইণ্ডিয়াই জয়ৰ বাবে ১৪৭ ৰানৰ লক্ষ্য অনুসৰণ কৰিছিল । কিন্তু দলটোৰ শীৰ্ষ ক্ৰমৰ লগতে সামগ্ৰিক বেটিং ব্যৰ্থতাৰ বাবে দলটো আৰম্ভণিৰ পৰাই শলঠেকত পৰে । ভাৰতীয় দলে দলীয় ১৩ ৰাণত অধিনায়ক ৰোহিত শৰ্মাৰস ৰূপত প্ৰথমটো উইকেটত হেৰুৱাইছিল । ইয়াৰ পিছতে ভাৰতৰ বেটিং লাইনত খহনীয়াৰ সৃষ্টি হয় । ভাৰতে মাত্ৰ ২৯ ৰানতে ৫ উইকেট হেৰুৱাই বিপৰ্যয়ৰ সন্মুখীন হয় । উইকেটকীপাৰ বেটছমেন ঋষভ পন্টে দলক আগুৱাই নিয়াৰ দায়িত্ব কান্ধ পাতি লৈছিল যদিও লান্স ব্ৰেকৰ পিছত এইটো উইকেটৰো পতন ঘটাত অৱশেষত টিম ইণ্ডিয়াই পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় ।
১৪৭ ৰাণৰ লক্ষ্য অনুসৰণ কৰি টীম ইণ্ডিয়া ১২১ ৰাণত অল আউট হয় । এই সময়ছোৱাত ভাৰতৰ হৈ আটাইতকৈ ডাঙৰ ইনিংছ খেলি থকা ঋষভ পন্তে ৯টা চাৰি আৰু ১ টা ছয়ৰ সহায়ত ৬৪ ৰাণ সংগ্ৰহ কৰে । কিন্তু দলটোৰ মুঠ আঠজন বেটছমেনে দহকৰ সংখ্যাও অতিক্ৰম কৰিব নোৱাৰিলে ।
উল্লেখ্য যে, মেচখনত নিউজীলেণ্ডে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈ স্কৰ ব’ৰ্ডত ২৩৫/১০ ৰান সংগ্ৰহ কৰে । ইয়াৰ উত্তৰত টিম ইণ্ডিয়াই প্ৰথম ইনিংছত ২৬৩/১০ ৰান সংগ্ৰহ কৰে । তাৰ পাছত দ্বিতীয় ইনিংছত বেটিং কৰিবলৈ অহা নিউজীলেণ্ডে মাত্ৰ ১৭৪ ৰানত অল আউট হৈ টিম ইণ্ডিয়াৰ বাবে মাত্ৰ ১৪৭ ৰানৰ লক্ষ্য বান্ধি দিয়ে । কিন্তু বেটিং ব্যৰ্থতাৰ বাবে এই সহজ লক্ষ্যও অনুসৰণ কৰাত ব্যৰ্থ হয় দলটো । দুৰ্ভাগ্যজনকভাৱে ১২১ ৰানত অল আউট হৈ মেচখনত শোচনীয় পৰাজয় স্বীকাৰ কৰে টিম ইণ্ডিয়াই ।