উত্তৰ প্ৰদেশৰ কেইবাখনো চহৰত অহা সপ্তাহৰ বাবে শুক্ৰবাৰৰ জুম্মা নামাজৰ সময় সলনি কৰা হৈছে। লক্ষ্ণৌ আৰু সম্ভলকে ধৰি উত্তৰ প্ৰদেশৰ চহৰসমূহত দুপৰীয়া ২ বজাৰ পিছত হে শুক্ৰবাৰৰ নামাজ আদায় কৰা হ’ব।
এই সন্দৰ্ভত ইছলামিক চেণ্টাৰ অৱ ইণ্ডিয়াৰ দ্বাৰা এটা পৰামৰ্শ জাৰী কৰা হৈছে। শুক্ৰবাৰৰ নামাজৰ সময় সলনি কৰাৰ কাৰণ হৈছে যে ১৪ মাৰ্চৰ শুক্ৰবাৰৰ দিনাই হোলী উৎসৱ উদযাপন কৰা হ’ব।
মৌলানা খালিদ ৰছিদে জাৰি কৰা এক পৰামৰ্শত কোৱা হৈছে যে এইবাৰ ১৪ মাৰ্চত হোলী আৰু জুম্মা দুয়োটাই আছে।
সেয়েহে সকলো মছজিদলৈ এটা আবেদন কৰা হৈছে যে যি মছজিদত শুক্ৰবাৰৰ নামাজৰ সময় ১২.৩০বজাৰ পৰা ১ বজালৈ।তাত নামাজৰ সময় এক ঘণ্টা বৃদ্ধি কৰিব লাগে। মুছলমানসকলে তেওঁলোকৰ চুবুৰীয়াত নামাজ আদায় কৰিবলৈ চেষ্টা কৰা উচিত।
মৌলানা খালিদ ৰছিদেও লক্ষ্ণৌ ইদগাহত শুক্ৰবাৰৰ নামাজৰ সময় সলনি কৰিছে।তেওঁলোকে কয় যে দুপৰীয়া ১২:৪৫ বজাত আদায় কৰিবলগীয়া শুক্ৰবাৰৰ নামাজ এতিয়া হোলীৰ বাবে দুপৰীয়া ২ বজাত হ’ব।
হোলী আৰু ৰমজান মাহৰ সময়ত শান্তি আৰু সম্প্ৰীতি বজাই ৰখাৰ লক্ষ্যৰে বৃহস্পতিবাৰে সম্ভল কোতৱালী আৰক্ষী থানাত এখন শান্তি সমিতিৰ বৈঠক অনুষ্ঠিত হয়।
বৈঠকখনত চি.ও. চৌধুৰীয়ে কৈছিল যে “মুছলমানসকলে যিদৰে ঈদৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰে, হিন্দুসকলেও হোলীৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰে।
১৪ মাৰ্চত হোলী উৎসৱ আৰু জুম্মাৰ নামাজ হ’ব। তেওঁ লগতে কয় যে “হোলী বছৰত এবাৰ হে আহে কিন্তু জুম্মা বছৰত ৫২ বাৰ আহে”।