আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ মাজত বাণিজ্যিক সম্পৰ্ক সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ বিবৃতি দিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে দাবী কৰিছে যে ভাৰতে আমেৰিকান সামগ্ৰীৰ ওপৰত শুল্কত গুৰুত্বপূৰ্ণ হ্ৰাস কৰিবলৈ সাজু।
ভাৰতক লৈ ড’নাল্ড ট্ৰাম্পে ল’লে বৃহৎ সিদ্ধান্ত। এতিয়াৰে পৰা নিজৰ ইচ্ছা মতে আমেৰিকান সামগ্ৰীৰ ওপৰত ভাৰতে আৰোপ কৰিব নোৱাৰিব অত্যাধিক কৰ।
ট্ৰাম্পে কৈছিল যে এতিয়ালৈকে ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰত অত্যাধিক কৰ আৰোপ কৰিছিল, কিন্তু এতিয়া ভাৰতে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত কৰ হ্ৰাস কৰা হ’ব। অৱশ্যে, এই দাবী সন্দৰ্ভত ভাৰতৰ পৰা কোনো আনুষ্ঠানিক বিবৃতি দিয়া হোৱা নাই।
ট্ৰাম্পে পূৰ্বে আমেৰিকান সামগ্ৰীৰ ওপৰত ভাৰতৰ দ্বাৰা আৰোপ কৰা অত্যাধিক কৰৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰিছিল। তেওঁ কৈছিল যে ভাৰতে কিছুমান সামগ্ৰীৰ ওপৰত ১০০ শতাংশতকৈ অধিক শুল্ক আৰোপ কৰিছিল, যাৰ বাবে আমেৰিকান কোম্পানীবোৰৰ ক্ষতি হৈছিল।
ভাৰতে আমাৰ ওপৰত অত্যাধিক শুল্ক আৰোপ কৰে। এতিয়া তেওঁলোকে ইয়াক হ্ৰাস কৰিবলৈ সন্মত হৈছে, কিয়নো কোনোবাই তেওঁলোকৰ এই মনোভাৱ উন্মোচন কৰিছে।
জানিব পৰা মতে ট্ৰাম্পে ভাৰতক আমেৰিকান সামগ্ৰীৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল। অৱশেষত ট্ৰাম্পৰ এই দাবী মানি ললে ভাৰতে।
কেৱল সেয়াই নহয়, ভাৰতৰ বাহিৰেও ট্ৰাম্পে ৰাছিয়াক এক মোক্ষম আঘাতৰ ইংগিত দিছে। তেওঁ কৈছিল যে আমেৰিকাই এতিয়া ৰাছিয়াৰ ওপৰত শুল্ক আৰোপ কৰিব।
ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত শান্তি চুক্তি নোহোৱালৈকে এই ব্যৱস্থা অব্যাহত থাকিব।ট্ৰাম্পে ৰাছিয়া-ইউক্ৰেইন যুদ্ধক এক সম্ভাৱ্য তৃতীয় বিশ্বযুদ্ধ বুলি বৰ্ণনা কৰে আৰু কয় যে ই যিমান সম্ভৱ সোনকালে সমাপ্ত হ’ব লাগিব।