হিন্দু ধৰ্মীয় ৰীতি-নীতি, পৰম্পৰাৰে মাতৃৰ শ্ৰাদ্ধ পাতিলে এজন মুছলমান ব্যক্তিয়ে । যিটো সময়ত একাংশই কথাই কথাই হিন্দু-মুছলমানৰ মাজত বিভেদ বিচাৰি ফুৰে সেই সময়তে লখিমৰপুৰ লালুকৰ ৰছিদ আলিয়ে দেখুৱালে সম্প্ৰীতি তথা মানৱতাৰ এক অনন্য নিদৰ্শন । মানৱতাৰ চূড়ান্ত অৱক্ষয় ঘটা বৰ্তমান সময়ত ৰছিদ আলিয়ে কৰা কামে সমাজলৈ প্ৰেৰণ কৰিছে এক যোগাত্মক বাৰ্তা ।
বিগত ২২ বছৰ পূৰ্বে এগৰাকী অঘৰী হিন্দু মহিলাক নিজৰ ঘৰত আশ্ৰয় দিছিল লখিমপুৰৰ লালুকৰ এটা মুছলমান পৰিয়ালে । ৰছিদ আলী নামৰ লোকজনে মহিলাগৰাকীক নিজৰ মাতৃৰ দৰে ৰাখি কৰি আহিছিল সেৱা ।
কিন্তু হঠাৎ বয়োবৃদ্ধ মহিলাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে । নিজৰ মাতৃ জ্ঞান কৰা মহিলাগৰাকীৰ মৃত্যত শোকত ভাগি পৰে ৰছিদ আলিৰ লগতে পৰিয়াল । ৰছিদ আলীয়ে দুই-এজন বন্ধুৰ সহযোগত সম্পূৰ্ণ হিন্দু ধৰ্মীয় ৰীতি-নীতিৰে লালুক শ্মাশানত মহিলাগৰাকীৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰে । পুত্ৰৰ দায়িত্ব পালন কৰি ৰছিদ আলিয়ে মুখাগ্নিও কৰিলে মহিলাগৰাকীৰ ।
ইয়াৰ পিছতে ৰছিদ আলিৰ পৰিয়ালে সম্পূৰ্ণ হিন্দু ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে লালুকত মহিলাগৰাকীৰ শ্ৰাদ্ধ অনুষ্ঠিত কৰে । এই শ্ৰাদ্ধ অনুষ্ঠানত অঞ্চলটোৰ হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোকে অংশগ্ৰহণ কৰে ।
মানৱতাৰ অৱক্ষয় ঘটা তথা সমাজত বিভেদকামী শক্তিয়ে গা কৰি উঠাৰ সময়ত ৰছিদ আলিয়ে কৰা এই কামক শলাগ লৈছে লালুকবাসীয়ে ।