হিন্দু দেৱ দেৱীক লৈ কটুক্তি কৰি ৰঙা ঘৰৰ আলহী হল এগৰাকী যুবক । যুবকজনৰ নাম মামুন তাপাদাৰ । ঘৰ শ্ৰীভূমি জিলাৰ চৰগোলাৰ নাইৰগ্ৰামত ।
যুবকজনে দীৰ্ঘদিন ধৰি সামাজিক মাধ্যমৰ জৰিয়তে হিন্দু ধৰ্মৰ দেৱ দেৱীক লৈ অশালীন মন্তব্য কৰাৰ লগতে সনাতন ধৰ্মৰ লোকক লৈও বিভিন্ন ধৰনৰ মন্তব্য কৰি আহিছিল।
সম্প্ৰতি বাংলাদেশত চলি থকা হিন্দুৰ উপৰত নিৰ্যাতনৰ সময়চোৱাত মামুন তাপাদাৰে সামাজিক মাধ্যমত হিন্দু ভগবান ৰাম, কৃষ্ণ, বিষ্ণু সকলো দেৱতাৰ প্ৰতি অপমানজনক বাক্যৰে ভিভিও বনাই আপলোড কৰিছিল।
পিছত শ্ৰীভূমি সদৰ থানাত বজৰং দলৰ দাখিল কৰা এজাহাৰৰ ভিত্তিত শ্ৰীভূমি আৰক্ষীয়ে মামুন তাপাদাৰক চৰগোলাৰ পৰা আটক কৰি আদালতলৈ প্ৰেৰন কৰে । আদালতে মামুন তাপাদাৰক জেললৈ প্ৰেৰণ কৰিছে।