বাংলাদেশত ধাৰাবাহিকভাৱে হিন্দুসকলক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে । এই পৰিস্থিতি এতিয়াও উন্নত হোৱা নাই । ইয়াৰ মাজতে ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে আজি ঢাকা ভ্ৰমণ কৰে । সোমবাৰে পুৱা ভাৰত আৰু বাংলাদেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়ে আলোচনা কৰিবলৈ তেওঁ ঢাকাত উপস্থিত হয় । চলিত বৰ্ষৰ আগষ্ট মাহত শ্বেখ হাছিনাৰ চৰকাৰ উৎখাত হোৱাৰ পিছত দুয়োখন দেশৰ মাজত সম্পৰ্ক উত্তেজনাপূৰ্ণ হৈ থকাৰ সময়তে এই ভ্ৰমণ কৰিছে ভাৰতৰ বৈদেশিক সচিবগৰাকীয়ে ।
বিয়লি বিক্ৰম মিশ্ৰীয়ে বাংলাদেশৰ বৈদেশিক মন্ত্ৰী মহম্মদ জাছিম উদ্দিনৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয় ।
শ্বেখ হাছিনাৰ ভাৰত আগমনৰ লগে লগে হিন্দুসকলৰ ওপৰত হাৰাশাস্তি-
আগষ্ট মাহত শ্বেখ হাছিনাই বাংলাদেশ এৰি ভাৰতত আশ্ৰয় লোৱাৰ লগে লগে নতুন তত্ত্বাৱধায়ক চৰকাৰ আৰু ইয়াৰ মুৰব্বী ম. ইউনুছে ভাৰতক লক্ষ্য কৰি ল’বলৈ ধৰে । শ্বেখ হাছিনাই দেশ এৰি যোৱাৰে পৰা বাংলাদেশত হিন্দুসকলৰ ওপৰত অত্যাচাৰ আৰম্ভ হয় । মানুহৰ ঘৰ জ্বলাই দিয়া হয়, হত্যাকাণ্ড সংঘটিত হোৱাৰ লগতে মন্দিৰসমূহকো লক্ষ্য কৰি লোৱা হয় । ইফালে ইস্কনকো দেশখনত আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে । একাংশ সংগঠনে ইস্কনক সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰিবলৈ দাবী জনাইছে । আনকি কিছুদিন পূৰ্বে হিন্দুৰ সুপৰিচিত নেতা চিন্ময় কৃষ্ণ দাসকো গ্ৰেপ্তাৰ কৰা হৈছিল । তেওঁক গ্ৰেপ্তাৰৰ পিছৰে পৰা দেশখনত উত্তেজনা অব্যাহত আছে ।
দ্বিপাক্ষিক সম্পৰ্কৰ সকলো বিষয় আলোচনা কৰা হ’ব-
এতিয়া এই সকলোবোৰ চিন্তনীয় পৰিস্থিতিৰ মাজতে ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰী ঢাকাত উপস্থিত হৈছে । দুয়োখন দেশৰ বৈদেশিক সচিবৰ নেতৃত্বত গঠিত এই প্ৰতিনিধি দলটোৱে দুয়োখন দেশৰ মাজত স্থাপিত বৈদেশিক কাৰ্যালয়ৰ পৰামৰ্শ (এফ অ’ চি) ব্যৱস্থাত অংশগ্ৰহণ কৰি দ্বিপাক্ষিক সম্পৰ্কৰ সকলো বিষয়ৰ ওপৰত আলোচনা কৰাৰ সম্ভাৱনা আছে ।
বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টাৰ প্ৰেছ সচিব ছফিকুল আলমে যোৱা ৪ ডিচেম্বৰত কৈছিল যে দুয়োখন দেশৰ বৈদেশিক সচিবে পাৰস্পৰিক স্বাৰ্থৰ বিষয়ত আলোচনা কৰিব ।
তৌহীদ হুছেইনে জয়শংকৰক সাক্ষাৎ কৰে-
চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ বৈদেশিক উপদেষ্টা (মন্ত্ৰী) মহম্মদ তৌহীদ হুছেইনে নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ আঁৰত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক সাক্ষাৎ কৰিছিল । তেওঁলোকে এটা ভাল কৰ্ম সম্পৰ্ক বজাই ৰখাৰ সিদ্ধান্ত লৈছিল । লগতে ভাৰত আৰু বাংলাদেশৰ মাজত FOC আয়োজন কৰাৰ সিদ্ধান্ত লৈছিল ।