ভাৰতৰ সৰ্ববৃহৎ প্ৰতিৰক্ষা খণ্ডৰ কোম্পানী হিন্দুস্তান এৰ’নটিক্স লিমিটেড (HAL)ক ১২ অক্টোবৰত ‘মহাৰত্ন’ কোম্পানীৰ মৰ্যাদা প্ৰদান কৰা হৈছে । ইয়াৰ লগে লগে HAL ভাৰতৰ ১৪ সংখ্যক কোম্পানী হিচাপে পৰিগণিত হৈছে যি মহাৰত্ন শাখাত অন্তৰ্ভুক্ত হৈছে ।
প্ৰতিষ্ঠানটোৱে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ পৰা ৰাজহুৱা উদ্যোগ বিভাগৰ পষ্টটো পুনৰ পোষ্ট কৰি লিখিছে, ‘হিন্দুস্তান এৰ’নটিক্স লিমিটেডক চতুৰ্দশ মহাৰত্ন চি পি এছ ইলৈ উন্নীতকৰণৰ বাবে বিত্তমন্ত্ৰীয়ে অনুমোদন জনাইছে । ইয়াৰ পূৰ্বে বিত্ত সচিবৰ নেতৃত্বত আন্তঃমন্ত্ৰালয় সমিতি আৰু কেবিনেট সচিবৰ নেতৃত্বত এপেক্স কমিটীয়ে এই প্ৰস্তাৱৰ পৰামৰ্শ আগবঢ়াইছিল । এইচ এ এল হৈছে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে ২৮,১৬২ কোটি টকা বাৰ্ষিক লেনদেন আৰু ৭৫৯৫ কোটি টকাৰ মুঠ লাভৰ সৈতে প্ৰতিৰক্ষা উৎপাদন বিভাগৰ চি পি এছ ই’ ।
মহাৰত্ন কোম্পানী হোৱাৰ অৰ্থ কি?
মহাৰত্ন কোম্পানীসমূহ হৈছে ভাৰতৰ আগশাৰীৰ কোম্পানী যিবোৰক ভাৰত চৰকাৰে কিছু সিদ্ধান্ত ল’বলৈ পৰ্যাপ্ত স্বায়ত্তশাসন আৰু অধিকাৰ প্ৰদান কৰে । এনে কোম্পানীসমূহ দেশৰ আটাইতকৈ প্ৰভাৱশালী আৰু আৰ্থিকভাৱে শক্তিশালী ৰাজহুৱা খণ্ডৰ উদ্যোগ (PSU) সমূহৰ ভিতৰত অন্যতম । ভাৰত চৰকাৰে কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহক (CPSEs/Central Public Sector Enterprises) বিভিন্ন মাপকাঠীৰ ভিত্তিত তিনিটা ভিন্ন শ্ৰেণীত ভাগ কৰে – মহাৰত্ন, নৱৰত্ন আৰু মিনিৰত্ন ।
মহাৰত্ন কোম্পানীৰ কথা ক’লে, এই মৰ্যাদা কেৱল তেওঁলোককহে দিয়া হয় যিসকলে ইতিমধ্যে নৱৰত্নৰ মৰ্যাদা লাভ কৰিছে । এটা কোম্পানীয়ে মহাৰত্নৰ মৰ্যাদা প্ৰাপ্ত কৰাৰ বাবে, একেৰাহে তিনি বছৰৰ বাবে কৰৰ পিছত ইয়াৰ গড় মুঠ লাভ (পি এ টি) বাৰ্ষিক ৫,০০০ কোটি টকা হ’ব লাগে । ইয়াৰ উপৰিও, কোম্পানীটোৰ বাৰ্ষিক টাৰ্ণঅ’ভাৰ একেৰাহে তিনি বছৰৰ বাবে ২৫,০০০ কোটি টকা হ’ব লাগে । একে সময়তে, আন্তৰ্জাতিক বজাৰত প্ৰৱেশাধিকাৰ থাকিব লাগে ।
HALকে ধৰি আন কোম্পানীবোৰ মহাৰত্ন থকাৰ ফলত কেনেদৰে লাভান্বিত হ’ব-
মহাৰত্নৰ মৰ্যাদা পোৱাৰ পিছত, HAL-ৰ নিজা সিদ্ধান্ত লোৱাৰ অধিক স্বাধীনতা থাকিব । কোম্পানীটোৰ বিনিয়োগ ক্ষমতা বৃদ্ধি পাব । চৰকাৰী কোম্পানী হোৱাৰ বাবে, ইয়াক সকলোবোৰৰ বাবে চৰকাৰৰ অনুমতিৰ প্ৰয়োজন নহ’ব । এতিয়া, HAL -য়ে কোনো চৰকাৰী অনুমোদনৰ প্ৰয়োজন নোহোৱাকৈ প্ৰকল্প এটাত ইয়াৰ মুঠ সম্পত্তিৰ ৫,০০০ কোটি টকা বা ১৫% লৈকে বিনিয়োগ কৰিব পাৰে, যিটো ভৱিষ্যতে প্ৰযোজ্য হ’ব পাৰে । আন যিকোনো মহাৰত্ন কোম্পানীৰ দৰে, HAL-ৰ ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত একত্ৰীকৰণ, অধিগ্ৰহণ আৰু কৌশলগত বিনিয়োগ কৰাৰ স্বাধীনতা থাকিব ।
HAL অন্তৰ্ভূক্ত হোৱাৰ পিছত ভাৰতত মহাৰত্ন কোম্পানীসমূহৰ তালিকা-
কোম্পানীৰ নাম/মহাৰত্নৰ মৰ্যাদা কেতিয়া পালে (বছৰত)
১/ ৰাষ্ট্ৰীয় তাপ শক্তি নিগম (এন টি পি চি) ২০১০
২) তেল আৰু প্ৰাকৃতিক গেছ নিগম (ONGC) ২০১০
৩/ ষ্টীল অথৰিটি অৱ ইণ্ডিয়া লিমিটেড (SAIL) ২০১০
৪/ ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড (আই অ’ চি এল) ২০১০
৫/ ক’ল ইণ্ডিয়া লিমিটেড (চি আই এল) ২০১১
৬) ভাৰত হেভি ইলেক্ট্ৰিকেলছ লিমিটেড (BHEL) ২০১৩
৭) ভাৰতীয় গেছ কৰ্তৃপক্ষ লিমিটেড (GAIL) ২০১৩
৮) ভাৰত পেট্ৰলিয়াম কৰ্পৰেশ্যন লিমিটেড (বিপিচিএল) ২০১৩
৯) পাৱাৰ গ্ৰীড কৰ্পৰেশ্যন অৱ ইণ্ডিয়া লিমিটেড (PAWERGRID) ২০১৯
১০) হিন্দুস্তান পেট্ৰলিয়াম কৰ্পৰেশ্যন লিমিটেড (এইচ পি চি এল) ২০১৯
১১) শক্তি বিত্ত নিগম (পি এফ চি) ২০২১
১২) গ্ৰাম্য বিদ্যুৎকৰণ নিগম লিমিটেড (আৰ ই চি) ২০২২
১৩) অইল ইণ্ডিয়া লিমিটেড (অইল) ২০২৩
১৪) হিন্দুস্তান এৰ’নটিক্স লিমিটেড (এইচ এ এল) ২০২৪