অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখন খেলৰ টেষ্ট শৃংখলাত ভাৰতীয় ক্ৰিকেট দলটোৱে ১-৩ ত পৰাজয়ৰ সন্মুখীন হ’ব লগা হৈছিল।এই পৰাজয়ৰ বাবে, ভাৰতীয় দলটোৱে ১০ বছৰৰ পিছত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী (বিজিটি) হেৰুৱায়।
অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত তাৰকা স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনায়। অশ্বিনৰ সিদ্ধান্তত হতবাক হৈছিল অনুৰাগীসকল। গাব্বা টেষ্টৰ পিছত অশ্বিন অষ্ট্ৰেলিয়াৰ পৰা ঘৰলৈ উভতি আহিছিল।
এতিয়া ৰবিচন্দ্ৰন অশ্বিনে এনে এক মন্তব্য দিছে, যাৰ ফলত হুলস্থূল সৃষ্টি হৈছে।চেন্নাইৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ত এক অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰি অশ্বিনে কয় যে ‘হিন্দী ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা নহয়’।
অশ্বিনৰ বক্তব্যই আকৌ এবাৰ ভাষাৰ ওপৰত বিতৰ্কৰ সৃষ্টি কৰিছে।অশ্বিনে তেওঁৰ ভাষণৰ সময়ত শিক্ষাৰ্থীসকলক সুধিছিল যে কোনোবাই হিন্দীত প্ৰশ্ন সুধিবলৈ আগ্ৰহী নেকি যাৰ প্ৰতি কোনেও আগ্ৰহ দেখুৱাও নাছিল।
ইয়াৰ পিছত, অশ্বিনে কৈছিল, “মই ভাবিছিলো যে মই এইটো কোৱা উচিত। হিন্দী আমাৰ ৰাষ্ট্ৰীয় ভাষা নহয়, ই এক চৰকাৰী ভাষা”।
আৰ অশ্বিনৰ বক্তব্যই সামাজিক মাধ্যমত এক বিতৰ্কৰ সৃষ্টি কৰিছে।কিছুমানে যুক্তি দিছিল যে অশ্বিনে এনে বিষয়ত মন্তব্য দিয়াৰ পৰা বিৰত থাকিব লাগে।এজন ব্যৱহাৰকাৰীয়ে লিখিছিল, ‘অশ্বিনে এনেদৰে কথা পাতিব নালাগে।
বহুতে কৈছে যে আপুনি যিমান বেছি ভাষা শিকিব সিমানেই ভাল। যিকোনো ভাষাৰ অনুবাদ আমাৰ ফোনত উপলব্ধ”। অশ্বিনৰ এই বক্তব্যৰ পিছতেই সৃষ্টি হৈছে বিতৰ্কৰ।