মণিপুৰৰ জিৰিবাম জিলাত তিনিটা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে ৰাজ্যখনত হিংসাত্মক ঘটনা আৰু ক্ষোভ বিয়পি পৰিছে । শনিবাৰে (১৬ নৱেম্বৰ ২০২৪) ইম্ফল উপত্যকাৰ বহু অঞ্চলত শ শ লোকে প্ৰতিবাদ সাব্যস্ত কৰে । মৃতদেহ তিনিটা সন্দৰ্ভত কোৱা হৈছে যে কিছুদিন পূৰ্বে জিৰিবামৰ পৰা নিৰুদ্দেশ হৈছিল এই লোক তিনিজন । নিহতসকলৰ ভিতৰত এগৰাকী মহিলা আৰু দুটা শিশুও আছে । মৃতদেহ উদ্ধাৰৰ খবৰ বিয়পি পৰাৰ লগে লগে ৰাজপথলৈ ওলাই আহিল অসংখ্য লোক । প্ৰতিবাদকাৰীৰ অধিকাংশই মহিলা । ইম্ফল পশ্চিমৰ লগতে অন্যান্য জিলাত টায়াৰ জ্বলাই পথ অৱৰোধ কৰে প্ৰতিবাদকাৰীয়ে । ইফালে স্থানীয় বজাৰ আৰু দোকান বন্ধ কৰি দিয়া হয়, লগতে ইম্ফলত নিৰাপত্তা বাহিনী মোতায়েন কৰা হয় ।
প্ৰতিবাদ আৰু সান্ধ্য আইন ঘোষণা-
জিৰিবামত মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে উত্তেজনা বৃদ্ধি পাইছে আৰু মণিপুৰৰ ৰাজধানী ইম্ফলত জাৰি কৰা হৈছে সান্ধ্য আইন । এই হিংসাত্মক ঘটনাৰ পিছত ৰাজ্য চৰকাৰে শনিবাৰে (১৬ নৱেম্বৰ ২০২৪) বিদ্যালয়-মহাবিদ্যালয়ত ছুটীৰ নিৰ্দেশ দিয়ে । স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে যে উগ্ৰপন্থীয়ে এই নিৰুদ্দেশ হোৱা লোকসকলক পলায়ন কৰি থকা অৱস্থাত অপহৰণ কৰিছিল । এই বিষয়ত উদ্বেগ প্ৰকাশ কৰি মেইটেই সংগঠনসমূহে দাবী কৰে যে এই লোকসকলক উগ্ৰপন্থীয়ে হত্যা কৰিছে । অৱশ্যে নিৰুদ্দেশ হোৱা লোককেইজনৰ সন্ধান চলোৱা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।
ইণ্টাৰনেট সেৱা নিষেধাজ্ঞা-
মণিপুৰত ক্ৰমবৰ্ধমান উত্তেজনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে বহু জিলাত সাময়িকভাৱে ইণ্টাৰনেট আৰু মোবাইল ডাটা সেৱা নিষিদ্ধ কৰিছে । ২০২৪ চনৰ ১৬ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱা এই আদেশৰ অধীনত ইম্ফল পশ্চিম, ইম্ফল পূব, বিষ্ণুপুৰ, আৰু অন্যান্য ক্ষতিগ্ৰস্ত জিলাসমূহত ইণ্টাৰনেট সেৱা দুদিনৰ বাবে বন্ধ থাকিব । ৰাজ্যত উৰাবাতৰি আৰু প্ৰদাহজনক বিষয়বস্তুৰ প্ৰসাৰ ৰোধৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে, যাৰ ফলত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে । এই নিৰ্দেশ উলংঘা কৰাসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি চৰকাৰে সকীয়াই দিছে ।
চৰকাৰৰ ওপৰত কংগ্ৰেছৰ আক্ৰমণ-
মণিপুৰত ক্ৰমবৰ্ধমান উত্তেজনাক লৈ কংগ্ৰেছ পাৰ্টিয়ে উদ্বেগ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ চৰকাৰে এই হিংসাৰ প্ৰতি নেতিবাচক দৃষ্টিভংগী গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰিছে । কংগ্ৰেছে টুইটযোগে মণিপুৰত হিংসা আৰু অগ্নিসংযোগৰ ঘটনা অব্যাহত আছে ইফালে প্ৰধানমন্ত্ৰী বিদেশ ভ্ৰমণলৈ গৈছে বুলি কয় । মণিপুৰত শান্তি আৰু নিৰাপত্তা ঘূৰাই অনাৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে দলটোৱে ।