ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ৪১ সংখ্যক মেচখনত মুম্বাই ইণ্ডিয়ানছে ৭ উইকেটত পৰাস্ত কৰে । এই মেচত পুনৰ এবাৰ গৰ্জন কৰিলে ৰোহিত শৰ্মাৰ বেটে । টছত জয়ী হৈ মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । প্ৰথমে বেটিং কৰি হায়দৰাবাদে মুম্বাইৰ সন্মুখত ১৪৪ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে । ইয়াৰ প্ৰত্যুত্তৰত ১৬ নং অভাৰতে ৰোহিত শৰ্মাৰ বিস্ফোৰক ৭০ ৰান আৰু সূৰ্যকুমাৰৰ ১৯ বলত ৪০ ৰানৰ অপৰাজিত ইনিংছৰ ভিত্তিত মুম্বাইয়ে খেলখনত জয়লাভ কৰে । এই জয়েৰে মুম্বাই ইণ্ডিয়ানছ এতিয়া পইণ্ট তালিকাৰ শীৰ্ষ ৪ স্থানত স্থান লাভ কৰিছে ।
মুম্বাইৰ ইনিংছ-
১৪৪ ৰানৰ লক্ষ্যৰ সঁহাৰি জনাই মুম্বাই ইণ্ডিয়ানছৰ আৰম্ভণি সুখকৰ নাছিল । দলটোৱে দ্বিতীয় অভাৰতে ৰিয়ান ৰিকেল্টনৰ ৰূপত উইকেট হেৰুৱাই । কিন্তু ৰোহিত শৰ্মাই শক্তিশালী বেটিঙেৰে উইল জেকছৰ সৈতে ইনিংছ চম্ভালে । মাত্ৰ ৩৫টা বলত ৰোহিতে অৰ্ধ শতক অৰ্জন কৰে । কিন্তু দশম অভাৰত উইল জেকছৰ উইকেটৰ পতন ঘটে । জেকে ২২ ৰান সংগ্ৰহ কৰে ।
কিন্তু ইয়াৰ পিছতে দেখা গ’ল ৰোহিত শৰ্মাৰ আগ্ৰাসী ৰূপ । ৰোহিতে ৪৬টা বলত ৭০ ৰানৰ বিস্ফোৰক ইনিংছ খেলে । ১৫ নং অভাৰত ৰোহিত আউট হোৱাৰ সময়ত মুম্বাইক জয়ী হ’বলৈ ৩২ বলত মাত্ৰ ১৪ ৰানৰ প্ৰয়োজন হৈছিল । ইয়াৰ পিছতে সূৰ্যকুমাৰ যাদৱে বিস্ফোৰক ইনিংছ খেলি ১৬ অভাৰত মুম্বাইক জয়ী কৰে । এয়া আছিল মুম্বাইৰ একেৰাহে চতুৰ্থটো জয় ।
হায়দৰাবাদৰ ইনিংছ-
প্ৰথমে বেটিং কৰিবলৈ অহা হায়দৰাবাদৰ আৰম্ভণি শোচনীয় আছিল । দ্বিতীয় অভাৰতে ব’ল্টে ট্ৰেভিছ হেডক আউট কৰে । হেড একাউণ্টটোও খুলিবলৈ সক্ষম নহ’ল । ইয়াৰ পিছতে দীপক চহৰে ঈশান কিষানক আউট কৰে । তৃতীয় অভাৰত বল্টে অভিষেক শৰ্মাক আউট কৰে আৰু পৰৱৰ্তী অভাৰত নীতিশ ৰেড্ডীও পেভিলিয়নমুখী হয় । ইয়াৰ পিছত ক্লাচেন আৰু অনিকেটৰ মাজত অংশীদাৰিত্ব গঢ়ি উঠে । কিন্তু নৱম অভাৰত হাৰ্দিক পাণ্ডিয়াই তেওঁক আউট কৰে ।
অৱশ্যে ইয়াৰ পিছত অভিনৱ মনোহৰ আৰু হেনৰিখ ক্লাচেনে হায়দৰাবাদৰ ইনিংছৰ দায়িত্ব লয় । ক্লাচেনে বিস্ফোৰকভাৱে বেটিঙেৰে অৰ্ধ শতক অৰ্জন কৰে । পিছত অভিনৱ মনোহৰেও নিজৰ দক্ষতা প্েৰদৰ্শন কৰে । ৯ অভাৰত হায়দৰাবাদৰ ৫ উইকেট দখল কৰা মুম্বাই ইয়াৰ পিছতে উইকেটৰ বাবে হাহাকাৰ কৰি আছিল । ক্লাচেনে ৭১ ৰানৰ ইনিংছ খেলাৰ বিপৰীতে মনোহৰে ৪১ ৰান সংগ্ৰহ কৰে । যাৰ ভিত্তিত হায়দৰাবাদে মুম্বাইক ১৪৪ টা লক্ষ্য বান্ধি দিয়ে ।