দক্ষিণ কামৰূপৰ দখলা মাজপাৰাত সংঘটিত হৈছে হত্যাকাণ্ড। স্বামীয়ে দাৰে ঘপিয়াই ঘপিয়াই হত্যা কৰিলে পত্নীক।শাহু আৰু পুত্ৰৰ সমুখতে দাৰে ঘপিয়াই ঘপিয়াই হত্যা কৰি হাতত দা খন লৈ বিজয়নগৰ আৰক্ষী চকীত উপস্থিত হয় স্বামী কুশল ঠাকুৰীয়া।বৰ্তমান পলাশবাৰী আৰক্ষী থানালৈ লৈ অনা হৈছে স্বামী কুশল ঠাকুৰীয়াক।দক্ষিণ কামৰূপৰ দখলা মাজপাৰাত সংঘটিত হৈছে এই হত্যাকাণ্ডটো । মৃত মহিলা গৰাকী এটি সন্তানৰ মাতৃ মৌচুমী ঠাকুৰীয়া। জানিব পৰা মতে মাতাল স্বামীয়ে প্ৰায়েই অত্যাচাৰ চলাইছিল পত্নীৰ ওপৰত। অৱশ্যে আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব হত্যাৰ প্ৰকৃত ঘটনা । এই হত্যাকাণ্ডৰ লগত জড়়িত থকাৰ সন্দেহত শাহুৱেককো আৰক্ষীয়ে নিশাই আটক কৰিছে। হত্যাকাৰী কুশল ঠাকুৰীয়াই মাজপাৰা অঞ্চলটোত দিৰ্ঘদিন ধৰি হাই কাজিয়াত লিপ্ত হৈ আহিছে।
Post Views: 353