ভয়ংকৰ তথ্য; ChatGPT এ সংঘটিত কৰিলে চাঞ্চল্যকৰ হত্যাকাণ্ড

ChatGPT ৰ বিৰুদ্ধে এক ভয়ংকৰ অভিযোগ উত্থাপন কৰা হৈছে। ChatGPT এ এগৰাকী মহিলাক হত্যা কৰাৰ অভিযোগ কৰিছে।

আমেৰিকাৰ কেলিফৰ্ণিয়া ৰাজ্যত প্ৰথমবাৰৰ বাবে চেটজিপিটিৰ বিৰুদ্ধে প্ৰত্যক্ষভাৱে হত্যাৰ অভিযোগ উত্থাপন হৈছে।আমেৰিকাৰ তদন্তকাৰী সংস্থাসমূহেও এই ঘটনাৰ বিষয়ে জানি আচৰিত হৈছে।এই ঘটনাই এতিয়া সমগ্ৰ বিশ্বতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

কানেকটিকাটত প্ৰথমবাৰৰ বাবে ChatGPT  বিৰুদ্ধে এগৰাকী মহিলাক হত্যা কৰাৰ দোষী সাব্যস্ত কৰা হৈছে। প্ৰথমবাৰৰ বাবে চেটজিপিটিত হত্যাৰ ষড়যন্ত্ৰৰ অভিযোগে সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি কৰিছে। কানেকটিকাটত চেটজিপিটি ৰ ফলত এগৰাকী মাতৃৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

দৰাচলতে আমেৰিকাৰ এটা বাসগৃহতে দুটাকৈ হত্যাকাণ্ড সংঘটিত হৈছে। ছান ফ্ৰান্সিস্কোৰ কেলিফৰ্ণিয়াৰ চুপিৰিয়েৰ কোৰ্টত দাখিল কৰা অভিযোগ অনুসৰি, যোৱা ৩ আগষ্টত নিজ বাসগৃহতে ৫৬ বছৰীয়া পুত্ৰ ষ্টেইন-এৰিক ছ’লবাৰ্গে ৮৩ বছৰীয়া মাতৃ চুজেন এডামছক প্ৰহাৰ কৰি ডিঙি চেপি হত্যা কৰিছিল। ইয়াৰ পিছত ছ’লবাৰ্গে নিজে ছুৰীৰে হানী-খুচি আত্মহত্যা কৰে।

এই গোচৰত OpenAI-কোম্পানীৰ বিৰুদ্ধে অভিযোগ উত্থাপন  কৰিছে যে, এটা ত্ৰুটিপূৰ্ণ সামগ্ৰী সৃষ্টি আৰু বিক্ৰী কৰিছে, যাৰ ফলত ব্যৱহাৰকাৰী (পুত্ৰ)ৰ মনত মাকক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছিল।

ইয়াত কোৱা হৈছে যে চেটিঙৰ সময়ত চেটজিপিটিয়ে এই বিপজ্জনক বাৰ্তা দিছিল যে ছ’লবাৰ্গে চেটজিপিটিৰ বাহিৰে নিজৰ জীৱনত কাকো বিশ্বাস কৰিব নোৱাৰে।

এই এআইয়ে পদ্ধতিগতভাৱে নিজৰ চৌপাশৰ সকলোকে নিজৰ শত্ৰু হিচাপে চিত্ৰিত কৰিছিল আৰু নিজৰ ওপৰত আৱেগিক নিৰ্ভৰশীলতাক লালন-পালন কৰিছিল।

চেটজিপিটিয়ে তেওঁক জনাইছিল যে ছ’লবাৰ্গৰ মাকে তেওঁৰ ওপৰত চোৰাংচোৱাগিৰি ৰাখিছে। চেটজিপিটিয়ে তেওঁক জনাইছিল যে ডেলিভাৰী চালক, দোকানী, আৰক্ষী বিষয়া, আনকি বন্ধুসকলো তেওঁৰ বিৰুদ্ধে কাম কৰা এজেণ্ট আছিল।

গোচৰটোত অভিযোগ কৰা হৈছে যে চেটজিপিটিয়ে ছলবাৰ্গৰ এই মোহকো আৰু অধিক শক্তিশালী কৰি তুলিছিল যে তেওঁৰ ঘৰৰ এটা প্ৰিণ্টাৰত কেমেৰা ইনষ্টল কৰা হৈছে আৰু তেওঁক নিৰীক্ষণ কৰিবলৈ মাকে ব্যৱহাৰ কৰি আছে।

মাক আৰু বন্ধু এজনে গাড়ীৰ জৰিয়তে ড্ৰাগছ আৰু বিহ দিবলৈ চেষ্টা কৰা ভ্ৰমও তেওঁক দিয়া হৈছিল।যাৰ বাবে ছলবাৰ্গে মাতৃক হত্যা কৰিলে।

লগতে পঢ়ক: মুকলিৰ বাবে সাজু SpaceX; আহি আছে বিশ্বৰ আটাইতকৈ ডাঙৰ IPO

জুৰীয়াত মাজনিশা লোমহৰ্ষক হত্যাকাণ্ড, জোঁৱায়েকে প্ৰাণ ল’লে নিজ শাহুৱেকৰ

জুৰীয়াত লোমহৰ্ষক হত্যাকাণ্ড

জুৰীয়াত এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয় । জোঁৱায়েকে দাৰে উপৰ্যুপৰি ঘপিয়াই হত্যা কৰিলে নিজ শাহুৱেকক । জুৰীয়াৰ দলনি জুৰীয়াত মাজনিশা সংঘটিত হয় এই ঘটনা ।

জাহেদা খাতুন নামৰ ৪২ বছৰীয়া মহিলাগৰাকীক নিজ জোঁৱায়েক সুতিৰপাৰৰ হামেদ আলীয়ে দাৰে ঘপিয়াই হত্যা কৰে । পাৰিবাৰিক কন্দলৰ বাবেই এই ঘটনা সংঘটিত কৰাৰ অভিযোগ । ইফালে, মাজনিশাই জুৰীয়া আৰক্ষীয়ে আটক কৰে হামেদ আলীক ।

উল্লেখ্য যে মহিলাগৰাকীৰ স্বামী মানসিকভাৱে কিছু দুৰ্বল হোৱাৰ সুযোগতে এই ঘটনা জোঁৱায়েকে সংঘটিত কৰে ।

লগতে পঢ়ক : ৰূপহীহাটত চৰকাৰী ভূমি বেদখলকাৰীৰ বিপদঘন্টা, উচ্ছেদৰ বাবে সাজু প্ৰশাসন

মৃতদেহৰ সৈতে বিবাহপাশত আৱদ্ধ এগৰাকী যুৱতী; প্ৰকাশ কৰিলে হৃদয়বিদাৰক কাহিনী

মৃতদেহৰ সৈতে বিবাহপাশত আৱদ্ধ যুৱতী

শেহতীয়াকৈ পোহৰলৈ অহা এক অপৰাধৰ ঘটনাই সমগ্ৰ দেশকে জোঁকাৰি গৈছে । মহাৰাষ্ট্ৰত সংঘটিত হোৱা এই ঘটনাই স্তম্ভিত কৰি তুলিছে সমগ্ৰ দেশক । হৃদয়বিদাৰক এই প্ৰেম কাহিনীয়ে চকু সেমেকাই তুলিছে দেশবাসীৰ ।

মহাৰাষ্ট্ৰৰ নন্দদত পোহৰলৈ আহিছে এই হৃদয় বিদাৰক ঘটনা । জানিব পৰা মতে ২১ বছৰীয়া এগৰাকী যুৱতীয়ে দাবী কৰিছে যে তেওঁৰ প্ৰেমিক সক্ষম থাট্টেক নিম্নবৰ্ণৰ হোৱাৰ বাবেই তেওঁৰ পৰিয়ালে হত্যা কৰিছিল । ইয়াৰ পিছতে যুৱতীগৰাকীয়ে প্ৰেমিকৰ তেজ শিৰত সানি তেওঁ সমগ্ৰ জীৱন সক্ষমৰ পৰিয়ালৰ লগত থাকিব বুলি ঘোষণা কৰে ।

যুৱতীগৰাকীয়ে কয় যে তেওঁৰ পৰিয়ালে এই সম্পৰ্ক মানি লোৱা নাছিল । প্ৰেমিক সক্ষম আৰু যুৱতীগৰাকী তিনিবছৰ প্ৰেমৰ সম্পৰ্কত থকাৰ পিছত বিবাহপাশত আৱদ্ধ হ’বলৈ আগবাঢ়িছিল । কিন্তু যুৱতীগৰাকীৰ পিতৃ আৰু ভাতৃদ্বয়ে এই সম্পৰ্কৰ বিৰোধিতা কৰিছিল । যুৱতীগৰাকীয়ে কয় যে সক্ষমক হত্যা কৰাৰ দিনা তেওঁৰ ভাতৃয়ে তেওঁক পুৱা থানালৈ লৈ গৈছিল যাতে সক্ষমৰ বিৰুদ্ধে ভুৱা গোচৰ ৰুজু কৰিব পৰা যায় । কিন্তু যুৱতীগৰাকীয়ে তেনে কৰিবলৈ অস্বীকাৰ কৰিছিল ।

লগতে যুৱতীগৰাকীয়ে দাবী কৰে যে আৰক্ষীয়ে তেওঁৰ ভাতৃক কৈছিল যে যদি ইমান সমস্যা হৈছে তেন্তে প্ৰথমে তেওঁক হত্যা কৰি আহক । ইয়াৰ পিছত তেওঁৰ ভাতৃয়ে ইয়াক প্ৰত্যাহ্বান বুলি গণ্য কৰে । সন্ধিয়া প্ৰায় ৫:৩০ বজাত যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে অঞ্চলটোত সক্ষমক প্ৰত্যক্ষ কৰি আক্ৰমণ কৰে ।

অভিযোগ অনুসৰি প্ৰথমে গুলীচালনা কৰি তাৰ পিছত ডাঙৰ শিলেৰে আঘাত কৰি যুৱকজনক আক্ৰমণ কৰা হয় । ফলত থিতাতে যুৱকজনৰ মৃত্যু হয় । গোচৰৰ গুৰুত্ব বিবেচনা কৰি আৰক্ষীয়ে ১২ ঘণ্টাৰ ভিতৰতে যুৱতীগৰাকীৰ পিতৃ, দুই ভাতৃকে ধৰি ৮ জন লোকক গ্ৰেপ্তাৰ কৰে ।

যুৱতীগৰাকীয়ে কয় যে তেওঁৰ পৰিয়ালে সদায়ে তেওঁৰ প্ৰেমিক সক্ষমক ভাবুকি দিছিল আৰু তেওঁৰ জাতিক লৈ অপমান কৰিছিল । তেওঁ অভিযোগ কৰে যে তেওঁৰ পৰিয়ালৰ লোকে সক্ষমক হত্যা কৰাৰ সুযোগ বিচাৰি আছিল । ইফালে এই ঘটনাৰ পিছতে পিতৃ-মাতৃ আৰু ভাতৃৰ মৃত্যুদণ্ডৰ দাবী কৰিছে যুৱতীগৰাকীয়ে ।

লগতে পঢ়ক : দিল্লী আৰক্ষীৰ বিশেষ কোষৰ জালত ৩ সন্ত্ৰাসবাদী

নৃশংষ হত্যাকাণ্ড;  ১০ টকীয় এপেকেট বিস্কুটৰ বাবেই প্ৰাণ গ’ল এজনৰ  

দহ টকীয়া এপেকেট বিস্কুটে কাল অমানিশা নমাই আনিলে এটা পৰিয়াললৈ ৷ শুনি আচৰিত যেন লাগিলেও এয়াই সত্য ৷ এপেকেট বিস্কুটৰ বাবেই উপৰ্যুপৰি আক্ৰমণ কৰি প্ৰাণ কাঢ়ি নিলে এজন শ্ৰমিকৰ ৷

এই ঘটনা সংঘটিত হৈছে জাগীৰোডত ৷ অভিযোগ অনুসৰি জাগীৰোডৰ ঘুনুচা হাবী গাঁৱৰ ৰাজু হৰিজন নামৰ প্ৰায় ৪২ বছৰীয়া দিন হাজিৰা কৰা লোকজনক বাৰীৰ বেৰ দিয়াৰ কামত নিয়োজিত কৰিছিল জাগীৰোডৰ কণাবঢ়ি গাঁৱৰ কুন্দল দেউৰী নামৰ লোকজনে ৷

৭ এপ্ৰিল তাৰিখে সন্ধিয়া কাম শেষ কৰাৰ পাছত কুন্দল দেউৰীয়ে শ্ৰমিক ৰাজু হৰিজনক দিছিল চাহ আৰু বিস্কুট খাবলৈ ১০ টকা ৷ কিন্তু দহ টকাৰ বিপৰিতে ৰাজুৱে কুন্দল দেউৰীৰ পৰা বিচাৰিছিল ২০ টকা ৷

তাতেই দুয়োৰে মাজত সৃষ্টি হয় কাজিয়াৰ ৷ এটা সময়ত এই কাজিয়াই ৰূপ লয় ভয়ংকৰ ৷ বাকবিতণ্ডাৰ মাজতে কুন্দল দেউৰীয়ে উপৰ্যুপৰি আক্ৰমণ কৰে শ্ৰমিক ৰাজুক ৷ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় শ্ৰমিক ৰাজু ৷

তাৰ পিছত অচেতন হোৱা ৰাজু হৰিজনক অসুস্থ অৱস্থাতে ই-ৰিক্সাত উঠাই ঘৰলৈ পঠাই দিয়ে কুন্দল দেউৰীয়ে ।পিছত মুমূৰ্ষু অৱস্থাত ৰাজুক পৰিয়ালৰ লোকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰাই৷

কিন্তু জীৱন যুঁজত হাৰ মানি বৃহস্পতিবাৰে চিকিৎসালয়তে মৃত্যুক সাৱটি লয় ৰাজুৱে ৷ ইয়াৰ মাজতে পৰিয়ালৰ লোকে ৰাজুৰ জটিল পৰিস্থিতি সন্দৰ্ভত কুন্দল দেউৰীক অৱগত কৰিছিল যদিও কোনো খবৰ নোলোৱাৰ অভিযোগ কুন্দলৰ বিৰুদ্ধে ৷

যাৰ পৰিপ্ৰেক্ষিতত শুক্ৰবাৰে নিশা ৰাজু হৰিজনৰ মৃতদেহ লৈ জাগীৰোড আৰক্ষী থানাত উপস্থিত হয় পৰিয়াল আৰু আত্মীয় ৷

অভিযুক্ত কুন্দল দেউৰীক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদানৰ লগতে দুৰ্ভগীয়া পৰিয়ালটোক ন্যায় প্ৰদানৰ দাবী জনাইছে সকলোৱে ৷

মহানগৰীত পুনৰ ভয়ংকৰ ঘটনা…একে পৰিয়ালৰে ৩ সদস্যৰ মৃতদেহ উদ্ধাৰ

-গুৱাহাটী মহানগৰীত পুনৰ ভয়ংকৰ ঘটনা

-একে পৰিয়ালৰে ৩ সদস্যৰ সৈতে ভয়ংকৰ কাণ্ড

-পত্নী-কন্যাৰ লগত ভয়ংকৰ কাণ্ড লোহিত ঠাকুৰীয়াৰ

-লোহিত ঠাকুৰীয়াৰ লগতো ভয়ংকৰ কাণ্ড

-লোহিত ঠাকুৰীয়াৰ পত্নী জুলি ডেকা

-কন্যাৰ নাম ঋত্বিকা ডেকা

-ৰেলৱে কলনীৰ আৱাসী আছিল পৰিয়ালটো

-জুলি ডেকা আছিল ৰেলৱে বিভাগৰ কৰ্মচাৰী

-আনহাতে লোহিত ঠাকুৰীয়া আছিল গেৰেজৰ কৰ্মচাৰী

-শোৱনি কোঠাত উদ্ধাৰ তিনিওগৰাকী