প্ৰথমে চিনাকী তাৰ পিছত বাংলাদেশী যুৱতীৰ সৈতে প্ৰেম কৰাই কাল হ’ল অসমৰৰ আমিৰ আলীৰ।
পুনৰ বহি: ৰাজ্যত অসমৰ যুৱক হত্যা কৰাৰ এক ঘটনা পোহৰলৈ আহিছে।চেন্নাইত প্ৰায় দহ বছৰ ধৰি ঠিকাদাৰ কামত জড়িত আছিল গোসাঁইগাঁৱৰ তুলসীবিল আৰক্ষী চকীৰ হাৰভাঙা গাঁৱৰ আমিৰ আলী।কিছুদিন পূৰ্বে চেন্নাইৰ এখন চিকিৎসালয়ত আমিৰ আলীৰ লগত চিনাকী হৈছিল বাংলাদেশৰ ৰাহিমা খাতুনৰ।চিকিৎসাৰ বাবে বাংলাদেশৰ পৰা চেন্নাইলৈ আহিছিল ৰাহিমা খাতুন।
প্ৰথমে চিনাকী তাৰ পিছত দুয়োৰে মাজত গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক। কিন্তু বাংলাদেশী ৰাহিমা খাতুনৰ ভিচাৰ ম্যাদ উকলি যোৱাত কলিকতাৰ গোপন স্থানত আত্মগোপন কৰে। প্ৰায় পোন্ধৰ দিন পূৰ্বে যুৱতী গৰাকী চেন্নাইলৈ গৈ আমিৰ হুছেইনক সাক্ষাৎ কৰি তেওঁৰ ভাড়া ঘৰতে থাকে। কিন্তু দুয়ো একেলগে থকা অৱস্থাত ৫ জুনত প্ৰেমিকা ৰাহিমা খাতুন আন দুজনৰ সহযোগত আমিৰ হুছেইনক কাটি টুকুৰা টুকুৰ কৰি এটা টলি বেগত ভৰাই পেলাই দিয়ে।
যোৱা ২ জুনত আমিৰ আলীৰ মাতৃৰ লগত অন্তিম কথা হৈছিল। তাৰ পিছৰে পৰাই কোনো খবৰ নাছিল আমিৰ আলীৰ।চেন্নাই আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰে। আৰু তদন্তৰ অন্তত ৰাহিমা খাতুনৰ লগতে আন দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। চেন্নাই আৰক্ষীয়ে তদন্ত কৰি মঙলবাৰে গোসাঁইগাঁৱৰ হাৰ ভঙাত থকা আমিৰ আলীৰ পৰিয়ালক অৱগত কৰে ।
লগতে পঢ়ক: মিছাইলৰ শব্দত কঁপিছে মধ্যপ্ৰাচ্য; হৰমুজৰ সমিপৰ ইৰাণী ঘাটিত আমেৰিকাৰ মিছাইল নিক্ষেপ









