কানপুৰ আৰক্ষীৰ কাণ্ড কাৰখানা শুনিলে আচৰিত হয় সকলো। এইবাৰ জব্দ কৰা গহনা চুৰি কৰি ৰোষত পৰিল আৰক্ষী। জানিব পৰা মতে ফতেহপুৰৰ জেহানাবাদৰ চিলিৰ কম্পোজিট বিদ্যালয়ৰ শিক্ষক শালিনী দুবেৰ ঘৰত সংঘটিত হৈছিল চুৰিকাণ্ড। নগদ ২৫ লাখ টকাসহ ২০ লাখ টকাৰ সোণৰ আ-অলংকাৰ লৈ গৈছিল চোৰে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীক গোচৰ দিছিল মহিলা গৰাকীয়ে। তাৰ পিছতেই আৰক্ষীয়ে ২০ লাখ টকাৰ সোণৰ আ-অলংকাৰৰ সৈতে ধৰা পেলাইছিল চোৰটোক। কিন্তু সোণৰ গহনা সমূহ দেখি পুলিচৰ মনত লোভ ইমানেই বাঢ়িল যে তেওঁলোকে চোৰটো এৰি দিয়ে আৰু জব্দ কৰা অলংকাৰ সমূহ নিজৰ লগত ৰাখি থৈ দিয়ে। পিছে দিন বেয়া আছিল আৰক্ষী কেইজনৰ । চোৰটোক আনএখন থানাই আটক কৰে। তেতিয়াই চোৰটোৱে আৰক্ষীক কলে সকলো কথা।ঘটনা সন্দৰ্ভত ৰেল বজাৰ আৰক্ষীৰ কনিষ্টবল অমিল হাফিজক নিলম্বন কৰা হৈছে। ঘটনাক লৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।