সোণাপুৰৰ উচ্ছেদিত ভূমিত পুনৰ চলিছে বেদখল। বেদখলকাৰীলৈ জাননী দিছে প্ৰশাসনে। কোনো কাৰণতে উচ্ছেদিত ভূমিত ঘৰ-দুৱাৰ সাজিব নোৱাৰিব কোনো লোকে। কিন্তু একাংশ সন্দেহযুক্ত লোকে পুনৰ সাজিছে ঘৰ-দুৱাৰ। সোণাপুৰৰ কচুতলীত চক্ৰ বিষয়াসহ আৰক্ষীৰ দল উপস্থিত হৈ মাইকযোগে ঘোষণা কৰিছে।