২১ বছৰীয়া নীতিশ কুমাৰ ৰেড্ডীয়ে মেলবৰ্ণ টেষ্টত শতক অৰ্জন কৰি ভাৰতীয় ক্ৰিকেটৰ তাৰকা হৈ পৰিছে। ক্ৰিকেট বিশেষজ্ঞৰ পৰা অনুৰাগীলৈকে, সকলোৱে তেওঁৰ বিষয়েই এতিয়া চৰ্চা কৰিছে।
ৰেড্ডীয়ে কঠিন পৰিস্থিতিত টীম ইণ্ডিয়াৰ ইনিংছ ধৰিছিল আৰু ১১৪ ৰাণ সংগ্ৰহ কৰিছিল।সেই সময়ত ষ্টেডিয়ামত উপস্থিত থকা তেওঁৰ পিতৃ মুতিয়ালা ৰেড্ডীৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। পুত্ৰই শতক অৰ্জন কৰাৰ পিছত আৱেগিক হৈ পৰিছিল পিতৃ।
মেলবৰ্ণত বক্সিং ডে টেষ্ট খেলৰ সময়ত নীতিশৰ পৰিয়ালে সুনীল গাভাস্কাৰক সাক্ষাৎকাৰ কৰিছিল। লগ পোৱাৰ পিছতেই পিতৃ মুতিয়ালাই কিংবদন্তি বেটছমেনজনৰ ভৰি স্পৰ্শ কৰিছিল।
এই বৈঠকৰ পিছত গাভাস্কাৰ আৱেগিক হৈ পৰিছিল।নীতিশ ৰেড্ডীৰ পিতৃয়ে গাভাস্কাৰৰ ভৰি স্পৰ্শ কৰাত চকুত চকুপানীৰে উপচি পৰিছিল সুনীল ভাগাস্কাৰৰ। তেওঁ কয় যে মুতিয়ালাৰ বলিদানৰ বাবে ভাৰতে নীতিশ ৰেড্ডী নামৰ হীৰা লাভ কৰিছে।
গাভাস্কাৰে বৈঠকৰ সময়ত কৈছিল, “আমি জানো তেওঁ কিমান ত্যাগ কৰিছে। তেওঁ বহুত সংগ্ৰাম কৰিছে। মই তোমাৰ কাৰণে কান্দি আছো। আপোনাৰ বাবে, ভাৰতে এটা হীৰা পাইছে, ভাৰতীয় ক্ৰিকেটত এটা হীৰা আছে।এমচিজিৰ পিছফালৰ কোঠাৰ মানুহে এই আৱেগিক মুহূৰ্তটো বন্দী কৰিছিল।