দীপাৱলীৰ বাবে আহি গ’ল SOP। নীতি-নিয়মৰ মাজেৰে উদযাপন কৰিব লাগিব পোহৰৰ উৎসৱ দীপাৱলী। মহানগৰ আৰক্ষী আয়ুক্তই জাৰি কৰিলে নিৰ্দেশনা। দীপাৱলীৰ ফটোকা ফুটুৱাৰ আগতে হওক সাৱধান । এই SOP অনুসৰি কেৱল দেশত নিৰ্মিত সেউজ আতচবাজীহে ফুটাব পাৰিব দীপাৱলীত । এই আতজবাজীৰ শব্দ ১১০-১২৫ ডেচিবলৰ ভিতৰত হ’ব লাগিব। দীপাৱলীৰ ফটকা নিশা ৮ বজাৰ পৰা ১০ বজাৰ ভিতৰত ফুটাব পাৰিব । কিন্তু দুৰ্ঘটনা প্ৰৱণ ঠাইৰ পৰা আতচবাজীসমূহ আতঁৰাই ৰাখিবলৈ ৰাইজৰ আহ্বান আৰক্ষী আয়ুক্তৰ। ইয়াৰ লগতে আতচবাজী ফুটুৱাৰ সময়ত শিশুসকলক আঁতৰাই ৰাখিবলৈ দিছে এই SOP ত। আতচবাজী ফুটুৱাৰ সময়ত যদি দুৰ্ঘটনা সংঘটিত হয় তেনেহলে 108 আৰু 101 নম্বৰত ফোন কৰিবলৈ ৰাইজৰ জনাইলৈ আহ্বান মহানগৰ আৰক্ষী আয়ুক্তৰ।