পেৰাচিটামল হৈছে এক ঔষধ যাক মানুহে প্ৰায়ে জ্বৰ, মুৰৰ বিষ আৰু শৰীৰৰ বিষৰ বাবে ব্যৱহাৰ কৰে। শেহতীয়া এক অধ্যয়নত কোৱা হৈছে যে এই ঔষধটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।
ব্ৰিটেইনৰ নটিংহাম বিশ্ববিদ্যালয়ৰ গৱেষকসকলে শেহতীয়াকৈ প্ৰকাশ কৰিছে যে অত্যাধিক পেৰাচিটামল সেৱনে মানুহৰ স্বাস্থ্য বিপদত পেলাব পাৰে।
বিশেষকৈ, ৬৫ বছৰ বা তাতকৈ অধিক বয়সৰ লোকসকলে বৃক্ক সম্পৰ্কীয় ৰোগৰ বিপদাশংকা বৃদ্ধি হ’ব পাৰে।অৰ্থাৎ, ইয়াৰ ব্যৱহাৰৰ ফলত বিভিন্ন প্ৰকাৰৰ পাৰ্শ্বক্ৰিয়া হ’ব পাৰে।
অত্যাধিক পেৰাচিটামল গ্ৰহণে যকৃতৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পেলাব পাৰে।পেৰাচিটামলৰ অত্যাধিক সেৱন স্বাস্থ্যৰ বাবে কিমান বিপদজনক হ’ব পাৰে জানো আহক?
যদি আপুনি দৈনিক ৪ গ্ৰাম পেৰাচিটামল গ্ৰহণ কৰে, যকৃতৰ ক্ষতি হোৱাৰ আশংকা বৃদ্ধি হয়। ইয়াৰ উপৰিও, জণ্ডিচৰ দৰে সমস্যা হ’ব পাৰে, আৰু যকৃত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হ’ব পাৰে।
কিছুমান ক্ষেত্ৰত, সময়ৰ সৈতে এই স্থিতি উন্নত হ’ব পাৰে, কিন্তু বিপদৰ শংকা বাকী থাকে। ইয়াৰ উপৰিও, ছালত ফুহা, উশাহ লোৱাত অসুবিধা, এলাৰ্জি, গেছ আৰু এচিডিটিৰ সমস্যাৰ দৰে সমস্যা থাকিব পাৰে।ইয়াৰ অত্যাধিক ব্যৱহাৰে বৃক্কৰ ওপৰত তাৎক্ষণিক প্ৰভাৱ পেলাব পাৰে।
পেৰাচিটামলৰ দীৰ্ঘম্যাদী ব্যৱহাৰে যকৃত সম্পূৰ্ণ ৰূপে বিকল হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে। দীৰ্ঘম্যাদী সময়ত, এই স্থিতিয়ে যকৃতৰ ৰোগৰ ৰূপ ল’ব পাৰে, যি যকৃতৰ সম্পূৰ্ণ ক্ষতি কৰিব পাৰে।
গুৰুতৰ স্থিতিত, যকৃত সংৰোপণৰ প্ৰয়োজন হ’ব পাৰে। ইয়াৰ লগতে, দীৰ্ঘদিন ধৰি পেৰাচিটামল ব্যৱহাৰ কৰিলে বৃক্কৰ কাৰ্যক্ষমতা ক্ৰমান্বয়ে হ্ৰাস হয়।
দীৰ্ঘদিন ধৰি পেৰাচিটামল ব্যৱহাৰে হৃদৰোগত আক্ৰমণ আৰু ষ্ট্ৰোকৰ আশংকা বৃদ্ধি কৰে।ই মানসিক স্বাস্থ্যকো প্ৰভাৱিত কৰিব পাৰে। হতাশা আৰু উদ্বেগৰ দৰে সমস্যাও বৃদ্ধি হ’ব পাৰে।
সেয়েহে, কেৱল প্ৰয়োজন হ’লে আৰু কেৱল চিকিৎসকে পৰামৰ্শ মতে হে পেৰাচিটামল গ্ৰহণ কৰিব লাগে।ইয়াক অত্যাধিক পৰিমাণে বা অবিবেচকভাৱে গ্ৰহণ কৰিলে গুৰুতৰ পাৰ্শ্বক্ৰিয়া হ’ব পাৰে।
(এই বাতৰিটো কেৱল আপোনাক সজাগ কৰাৰ উদ্দেশ্যেৰে লিখা হৈছে ।ইয়াক গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক ।)