শনিবাৰে নিশা জনপ্ৰিয় সাংস্কৃতিক অনুষ্ঠানৰ মাজতে সংঘটিত হ’ল এক নৃশংষ ঘটনা।ডেগাৰেৰে হানিখুচি হত্যা কৰিলে এজনক যুৱকক৷দক্ষিণ কামৰূপৰ গৰৈমাৰীত সংঘটিত হৈছে এই হত্যাকাণ্ডৰ ঘটনাটো৷
গৰৈমাৰীৰ ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ যুৱ মহোৎসৱ চলি থকা অৱস্থাতে ভাউৰিয়াভিঠাৰ যুৱকজনক হত্যা কৰা হয়৷ কোনো দুষ্টচক্ৰই গোপনে ডেগাৰেৰে হানিখুচি হত্যা কৰি তাৎক্ষণিক পলায়ন কৰে৷সহস্ৰাধিক ৰাইজৰ ভীৰৰ মাজটো যুৱকজনক হত্যা কৰি পেলাই থৈ যোৱাৰ পিছতে হূলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়৷
স্থানীয় ৰাইজে যুৱকজনক ততাতৈয়াকৈ গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও উন্নত চিকিৎসাৰ বাবে সংকটজনক অৱস্থাত জি এম চি এইচলৈ নি থকাৰ সময়তে আধাবাটতে মৃত্যু হয় যুৱকজনৰ।
হত্যাৰ বলি হোৱা যুৱকজন ভাউৰিয়াভিঠাৰ ১৮ বছৰীয়া লহিত হুছেইন বুলি জানিব পৰা গৈছে৷হত্যাকাণ্ডটোৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰিছে যদিও বৰ্তমানলৈ জানিব পৰা হোৱা নাই হত্যাৰ প্ৰকৃত কাৰণ৷