বিয়াৰ কথা যেতিয়াই আহে, তেতিয়াই আপোনাৰ মনলৈ প্ৰথমে কি কথা আহে ? আপুনি হয়তো ভাবে যে ঘোঁৰাৰ ওপৰত বহি থকা দৰা, সন্মুখত বিয়াৰ শোভাযাত্ৰা আৰু ধুনীয়া ফুলেৰে সজাই তোলা গাড়ী অথবা নিজৰ নিজৰ পৰম্পৰা মতে অনুষ্ঠিত কৰা বিয়া…। কিন্তু এতিয়া ট্ৰেণ্ড সলনি হৈছে আৰু মানুহে অহৰহ নতুন কিবা এটা কৰাৰ চেষ্টা কৰে । মানুহে নিজৰ বিশেষ দিনটো উদযাপন কৰিবলৈ অনন্য আৰু অগতানুগতিক ঠাই বিচাৰিছে । কিছুদিনৰ পৰা পানীৰ তলতো বিবাহ হ’বলৈ আৰম্ভ কৰিছে, যাক আণ্ডাৰ ৱাটাৰ মেৰিজ বুলি কোৱা হয় । ছৌদি আৰৱতো শেহতীয়াকৈ এনে এক বিবাহ দেখা গ’ল ।
পানীৰ তলত ৱেডিং ফটোশ্বুট-
হাছান আবু আল-ওলা আৰু ইয়াছমিন দফতাৰদাৰে জেদ্দাৰ ওচৰৰ লোহিত সাগৰত পানীৰ তলত বিবাহপাশত আবদ্ধ হৈ নিজৰ প্ৰেমক স্বীকৃতি দিয়ে । কেপ্তেইন ফাইছাল ফ্লেম্বনৰ নেতৃত্বত চৌদি ডাইভাৰছৰ উদ্যোগত এই বিবাহ অনুষ্ঠান সম্পন্ন হয় । বিশেষ কথাটো হ’ল যে চৌদি আৰৱত এনেকুৱা বিবাহ ইয়াৰ পূৰ্বে কেতিয়াও হোৱা নাছিল । এই কাৰণেই এই অনন্য বিবাহ ছচিয়েল মিডিয়াত দ্ৰুত গতিত ভাইৰেল হৈ পৰিছে ।
চৌদি ডুবাৰু দলটোৱে দম্পতীহালৰ বাবে সম্পূৰ্ণ সুৰক্ষা নিশ্চিত কৰিছিল আৰু গোটেই অনুষ্ঠানটো পানীৰ তলত সহজে বন্দী কৰিছিল । মন কৰিবলগীয়া যে এই দম্পতীহালৰ ডাইভিং কৰাৰ প্ৰতি আগ্ৰহ আছে, যাৰ বাবে তেওঁলোকে তেওঁলোকৰ জীৱনৰ এই বিশেষ মুহূৰ্তটো পানীৰ তলত আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল আৰু এতিয়া ই যথেষ্ট প্ৰশংসা লাভ কৰিছে ।
পানীৰ তলত বিবাহ কৰা হাছান আবু ওলাই এক সাক্ষাৎকাৰত নিজৰ বিবাহৰ বিষয়ে তথ্য দিছিল, য’ত তেওঁলোকে কয় যে, “সঁচাকৈয়ে আচৰিত কথা আছিল, আমি চ্যুট পিন্ধিছিলো, তাৰ পিছত কেপ্তেইন ফৈছাল আৰু দলটোৱে আমাক জনাইছিল যে তেওঁলোকে আমাৰ বিয়াৰ পৰিকল্পনা কৰিছে । সাগৰৰ তলত আমি বিয়াখন উদযাপন কৰাৰ পৰিকল্পনা কৰি আছিলো ।” লগতে তেওঁলোকে কয় যে এই সকলোবোৰত তেওঁলোকে কোনো সমস্যাৰ সন্মুখীন হোৱা নাছিল, সকলো অতি সুকলমে চলিছিল আৰু সকলোৱে ইয়াক লৈ আচৰিত হৈছিল ।
এইটোও এক উদ্দেশ্য আছিল-
এই ভাইৰেল প্ৰেম কাহিনী আৰু বিবাহৰ জৰিয়তে এই দম্পতীয়ে চৌদি আৰৱৰ বৈচিত্ৰময় আৰু অন্যান্য লোকৰ দৃষ্টি এই দিশত আকৰ্ষণ কৰিব বিচাৰিছিল । ইয়াৰ ফলত জনসাধাৰণৰ মাজত সাগৰীয় পানীৰ প্ৰতি আগ্ৰহ জন্মিব আৰু ডুবাৰুৰ ব্যৱসায়ো প্ৰসাৰ ঘটিব । ইয়াৰ বাবে হাছান আবুৱে ছৌদি ৰাজকুমাৰ মহম্মদ বিন ছালমানৰ চিন্তাধাৰাৰ প্ৰশংসা কৰি কয় যে তেওঁ নিজৰ দৃষ্টিভংগী অনুসৰণ কৰি আছে ।