ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ত চেন্নাই ছুপাৰ কিংছৰ দুৰ্বল প্ৰদৰ্শন অব্যাহত আছে।মহেন্দ্ৰ সিং ধোনিৰ নেতৃত্বত চেন্নাই ছুপাৰ কিংছে শুকুৰবাৰে কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত ৮ উইকেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছে।
চলিত ছিজনত চেন্নাই ছুপাৰ কিংছৰ এয়া আছিল একেৰাহে পঞ্চমটো পৰাজয়। ৫ বাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ আই পি এলৰ ইতিহাসত প্ৰথমবাৰৰ বাবে একেৰাহে ৫ খন মেচত পৰাস্ত হৈছে।
লগতে, চেন্নাই ছুপাৰ কিংছে প্ৰথমবাৰৰ বাবে ঘৰুৱা ক্ষেত্ৰত এটা ছিজনত একেৰাহে তিনিখন মেচত পৰাস্ত হৈছে ।
২০২৫ চনৰ আই পি এলত চেন্নাই ছুপাৰ কিংছে একমাত্ৰ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে হে জয় লাভ কৰিছে।চেন্নাই ছুপাৰ কিংছে এতিয়া ৬খন মেচৰ পৰা ২ পইণ্ট লাভ কৰি দহ দলৰ পইণ্ট তালিকাত নৱম স্থানত আছে।
এতিয়া চেন্নাই ছুপাৰ কিংছৰ বাবে প্লে অফলৈ যোৱাৰ পথটো অলপ কঠিন হৈ পৰিছে।আই পি এলত সাধাৰণতে প্লে অফলৈ যোগ্যতা অৰ্জন কৰিবলৈ ১৬ পইণ্টৰ প্ৰয়োজন হয়।
চেন্নাই ছুপাৰ কিংছ এতিয়া আৰু ৮খন মেচ খেলিব লাগিব।এনে পৰিস্থিতিত প্লে অফত প্ৰৱেশ কৰিবলৈ চেন্নাই ছুপাৰ কিংছে এই আঠখন খেলৰ ভিতৰত ৭খন খেলত জয়লাভ কৰিব লাগিব।
এনে পৰিস্থিতিত চেন্নাই ছুপাৰ কিংছৰ ১৬ পইণ্ট হ’ব।এইটো কঠিন যদিও ধোনীৰ বাবে অসম্ভৱ কামো নহয়।বাকী থকা সকলো মেচতে যদি চেন্নাই ছুপাৰ কিংছ জয়ী হয় তেন্তে ১৮ পইণ্টেৰেও শীৰ্ষ ২ স্থানত অন্ত পেলাব পাৰে।
অৱশ্যে ১৪ পইণ্ট লাভ কৰিও চেন্নাই ছুপাৰ কিংছে প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰিব পাৰে, কিন্তু তেতিয়া নেট ৰাণৰ হাৰ কামত আহিব।
চেন্নাই ছুপাৰ কিংছে ১৪ পইণ্ট লাভ কৰিবলৈ বাকী আঠখন খেলৰ ভিতৰত ৬খন খেলত জয়লাভ কৰিব লাগিব।যদি চেন্নাই দলে আৰু তিনিখন মেচত পৰাস্ত হয় তেন্তে প্লে অফৰ দৌৰৰ পৰা বাহিৰ হ’ব। চেন্নাই ছুপাৰ কিংছৰ নেট ৰান ৰেট বৰ্তমান -১.৫৫৪।