কেন্দ্ৰীয় চৰকাৰে সোমবাৰে পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত উৎপাদন শুল্কত ২ টকা প্ৰতি লিটাৰ বৃদ্ধি কৰাৰ ঘোষণা কৰিছে। কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্তটো বিশ্ব তেলৰ ক্ষেত্ৰত চলি থকা উত্থান আৰু অৱসান আৰু ট্ৰম্পৰ টাৰীফৰ মাজতে লৈছে।
ৰাজস্ব বিভাগৰ ঘোষণা মতে কেন্দ্ৰ চৰকাৰে পেট্ৰ’ল আৰু ডিজেলত ২-২ টকা উৎপাদক শুল্ক বৃদ্ধিৰ কথা কৈছে। জানিব পৰা মতে পেট্ৰলৰ ওপৰত উৎপাদন শুল্ক ১৩ টকা প্ৰতি লিটাৰ আৰু ডিজেলৰ ওপৰত ১০ টকা প্ৰতি লিটাৰ বৃদ্ধি কৰা হৈছে।
এই খবৰে খুচুৰা গ্ৰাহকসকলক ভয় কৰাৰ হোৱা প্ৰয়োজন নাই, কাৰণ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্রালয়ে এইটো জনাইছে যে আজি উৎপাদন শুল্কৰ হাৰ বৃদ্ধিৰ পাছত পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা মূল্যত কোনো বৃদ্ধি নহ’ব।
নিৰ্দেশনাটোত কোৱা হৈছে যে কেন্দ্ৰীয় উৎপাদক শূল আইন, ১৯৪৪ ৰ ধাৰা ৫এ আৰু বিত্ত আইন, ২০০২ ৰ ধাৰা ১৪৭ অনুসৰি কেন্দ্ৰ চৰকাৰে জনহিতত শুল্ক বৃদ্ধি কৰিছে।
বিগত কিছুমান দিনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেঁচা তেলৰ দামৰ কম হোৱাৰ ফলস্বৰূপে পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা দাম কমোৱাৰ আশা প্ৰকাশ কৰা হৈছিল কিন্তু এতিয়া উৎপাদ শুল্ক বাঢ়ি যোৱাৰ ফলস্বৰূপ এনে হোৱাৰ সম্ভাৱনা কম হৈছে।