মাধমাৰ; ১১ দিনত চতুৰ্থবাৰৰ বাবে বৃদ্ধি পালে ইন্ধনৰ মূল্য

জনতাৰ মূৰত ৰাম টাঙোন শোধাই চতুৰ্থবাৰৰ বাবে বৃদ্ধি পালে পেট্ৰ’ল ডিজেলৰ মূল্য। শনিবাৰৰ পিছত এতিয়া সোমবাৰে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যত এক বৃহৎ পৰিৱৰ্তন ঘটিছে।

দেশৰ চৰকাৰী তেল কোম্পানী সমূহে পুনৰবাৰ বৃদ্ধি কৰিলে পেট্ৰ’ল-ডিজেলৰ মূল্য।শনিবাৰে ২৩ মে’ত মূল্য বৃদ্ধি কৰাৰ পিছত আজি পুনৰবাৰ বৃদ্ধি হ’ল পেট্ৰ’ল-ডিজেলৰ মূল্য। সোমবাৰে পুৱা ৬ বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ তেল কোম্পানীসমূহে পেট্ৰ’লৰ মূল্য ২.৬১  আৰু ডিজেলৰ মূল্য ২.৭১ টকাকৈ বৃদ্ধি কৰে।

বিগত ১১ দিনত তেল কোম্পানীসমূহে ৰূপায়ণ কৰা এয়া চতুৰ্থটো মূল্য বৃদ্ধি।ইয়াৰ পূৰ্বে ২৩ মে’ত তেল কোম্পানীসমূহে পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ০.৮৭ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ০.৯১ টকা বৃদ্ধি কৰিছিল। শেহতীয়াকৈ এই বৃদ্ধিৰ পিছত গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ১০৫.৭৪ টকালৈ বৃদ্ধি পোৱাৰ বিপৰীতে ডিজেলৰ মূল্য এতিয়া প্ৰতি লিটাৰত হ’ল গৈ ৯৭.২৩ টকা।

বিধানসভা নিৰ্বাচন সমাপ্ত হোৱাৰ পিছতে তেল কোম্পানীসমূহে পেট্ৰ’ল-ডিজেলৰ দাম ধাৰাবাহিকভাৱে বৃদ্ধি কৰি আহিছে। বিগত তিনিমাহ ধৰি মধ্যপ্ৰাচ্যত আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা উত্তেজনাই আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যত প্ৰভাৱ পেলাইছে।ইৰাণ যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বে প্ৰতি বেৰেলত ৭০ ডলাৰত ব্যৱসায় কৰি থকা খাৰুৱা তেলৰ মূল্য সংঘাতৰ মাজতে প্ৰতি বেৰেলত ১২৫ ডলাৰলৈ বৃদ্ধি পাইছে।

লগতে পঢ়ক: মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে বিশ্বই লাভ কৰিব ‘ভাল খবৰ’; আমেৰিকা-ইৰাণ যুদ্ধৰ সন্দৰ্ভত ৰুবিঅ’ই দিলে ইংগিত

পুনৰ মাধমাৰ; ১০ দিনৰ ভিতৰত তৃতীয়বাৰলৈ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য

দেশৰ তেল কোম্পানী সমূহে বিগত ৯ দিনত তৃতীয়বাৰৰ বাবে বৃদ্ধি কৰিলে পেট্ৰ’ল-ডিজেলৰ মূল্য।

দেশত আকৌ এবাৰ বৃদ্ধি পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য।পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৮৭ পইচা, আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৯১ পইচা বৃদ্ধি পাইছে।১০ দিন নৌহওঁতেই তৃতীয়বাৰৰ বাবে বৃদ্ধি পাইছে এই মূল্য।ইয়াৰ পূৰ্বে ১৯ মে’ত তেল কোম্পানীসমূহে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৯০ পইচা বৃদ্ধি কৰিছিল। ইয়াৰ পূৰ্বে ১৫ মে’ত হঠাতে প্ৰতি লিটাৰৰ মূল্য ৩ টকাকৈ বৃদ্ধি কৰা হৈছিল।

মধ্যপ্ৰাচ্যত আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা উত্তেজনাৰ প্ৰভাৱ তেলৰ মূল্যৰ ওপৰত দেখিবলৈ পোৱা গৈছে।ইফালে খবৰ আহিল যে ভাৰতে মে’ মাহত সস্তা খাৰুৱা তেল ক্ৰয় বৃদ্ধি কৰে, যাৰ ফলত ভৱিষ্যতে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যৰ চাপ কমি যাব পাৰে, আনকি দামও হ্ৰাস পাব পাৰে। উল্লেখযোগ্য যে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক ইন্ধন ৰাহিৰ প্ৰয়াস কৰিবলৈ আহ্বান জনাইছিল।

লগতে পঢ়ক: ভাৰতৰ প্ৰতিৰক্ষা হ’ব অধিক শক্তিশালী: অগ্নি-১ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ

নিশাৰ ভিতৰতে দেশত  বৃদ্ধি পালে পেট্ৰ’ল ডিজেলৰ দাম…

ইৰাণ আৰু আমেৰিকাৰ মাজত চলি থকা উত্তেজনাৰ বাবে ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৩ টকাকৈ বৃদ্ধি পাইছে।

ইৰাণ আৰু আমেৰিকাৰ মাজত চলি থকা সংঘাতৰ প্ৰত্যক্ষ প্ৰভাৱ ভাৰতত এতিয়া দেখিবলৈ পোৱা গৈছে।আজি পুৱাৰ ভাগতে দেশত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম।প্ৰতি লিটাৰ পেট্ৰ’লত ৩ টকা ১৪ পইচা আৰু প্ৰতিলিটাৰ ডিজেলত ৩ টকা ১১ পইচাকৈ দাম বৃদ্ধি পাইছে। মধ্যপ্ৰাচ্যত যুদ্ধ আৰম্ভ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতত পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি পাইছে।এই বৃদ্ধিৰ লগে লগে গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম হ’লগৈ ১০১.২৬টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম হ’লগৈ ৯২.৫৫টকা।  

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ নাগৰিকক ইন্ধন সংৰক্ষণৰ বাবে আহ্বান জনাইছিল।তেওঁ ৱৰ্ক ফৰ্ম হোম আৰু ব্যক্তিগত বাহনৰ ব্যৱহাৰ হ্ৰাস কৰাত গুৰুত্ব দিছিল।তেতিয়াৰ পৰাই পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি হ’ব পাৰে বুলি ইংগিত আহিছিল।

লগতে পঢ়ক: সপ্তাহৰ দুটা দিন  ‘ৱৰ্ক ফ্ৰম হোম’ ,মন্ত্ৰীসকলেও ব্যৱহাৰ কৰিব লাগিব মেট্ৰ’; দিল্লী মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

ৰাজ্যত নাটনি হোৱা নাই পেট্ৰ’ল-ডিজেল; ভুৱা বাতৰি প্ৰচাৰ নকৰিবলৈ ইণ্ডিয়ান অইলৰ আহ্বান

মধ্য প্ৰাচ্যত চলি থকা যুদ্ধৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পেট্ৰ’ল-ডিজেলৰ নাটনিক লৈ বহু উৰা বাতৰি বিয়পি পৰিছে। পুৱাৰে পৰা পেট্ৰ’ল পাম্প সমূহক দীঘলিয়া শাৰীও দেখিবলৈ পোৱা গৈছে। তাম মাজতে ইণ্ডিয়ান অইলে এক ডাঙৰ খবৰ দিছে।

ৰাজ্যত পেট্ৰ’ল-ডিজেল নাটনি হ’ব বুলি বিভিন্ন প্ৰান্তত পুৱাৰে পৰা দীঘলিয়া শাৰী দেখিবলৈ পোৱা গৈছিল। কিন্তু তাৰ মাজতে ইণ্ডিয়ান অইলে কৈছে যে,অসমত নাটনি হোৱা নাই পেট্ৰ’ল-ডিজেল। পেট্ৰ’ল-ডিজেলক লৈ আতংকিত হোৱাৰ কোনো কাৰণ নাই।

IOCL-এ স্পষ্ট কৰি দিছে যে ৰাজ্যত বৰ্তমানেও পৰ্যাপ্ত ইন্ধন মজুত আছে। গ্ৰাহক সকলক প্ৰয়োজনতকৈ অধিক তেল কিনি ভিৰ নকৰিবলৈ অনুৰোধ কৰিছে। ইণ্ডিয়ান অইলে উৰাবাতৰি বিয়পোৱাসকলক সাৱধানো কৰি দিয়।  

 তাৰ লগতে গুৱাহাটী পেট্ৰ’ল পাম্প পৰিদৰ্শন কৰি জিলা আয়ুক্তই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।জিলা উপাযুক্ত গৰাকীয়ে মহানগৰবাসীক ভুৱা বাতৰিত আতংকিত নহ’বলৈ আহ্বান কৰিছে। তেওঁ কয় যে, গুৱাহাটীতো পৰ্যাপ্ত পৰিমাণৰ পেট্ৰ’ল-ডিজেল মজুত আছে।

IOCL ৰ ৪৫ লাখ লিটাৰ পেট্ৰ’ল আৰু ৫৫ লাখ লিটাৰ ডিজেল গুৱাহাটীত মজুত আছে। আনহাতে HPCL ৰ ৪ লাখ লিটাৰ পেট্ৰ’ল গুৱাহাটীত মজুত আছে। গুৱাহাটীত বন্ধ নহয় পেট্ৰ’ল পাম্প। জনসাধাৰণক ভুৱা বাতৰি প্ৰচাৰ কৰা সকলক সাধান কৰি দিয়ে জিলা উপায়ুক্ত গৰাকীয়ে।আনহাতে পেট্ৰ’ল-ডিজেলৰ সমস্যা থাকিলে মহানগৰবাসীয়ে ১০৭৭ হেল্পলাইন নম্বৰত জনাব পাৰিব বুলিও তেওঁ কৈছে।

লগতে পঢ়ক: অৱনতি ঘটিছে পশ্চিম এছিয়াৰ পৰিস্থিতি; সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰধানমন্ত্ৰীৰ ফোন

সমগ্ৰ দেশতে বৃদ্ধি পাব পেট্ৰ’ল ডিজেলৰ দাম; প্ৰতি লিটাৰত বৃদ্ধি পাব ২ টকাকৈ

কেন্দ্ৰীয় চৰকাৰে সোমবাৰে পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত উৎপাদন শুল্কত ২ টকা প্ৰতি লিটাৰ বৃদ্ধি কৰাৰ ঘোষণা কৰিছে। কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্তটো বিশ্ব তেলৰ ক্ষেত্ৰত চলি থকা উত্থান আৰু অৱসান আৰু ট্ৰম্পৰ টাৰীফৰ মাজতে লৈছে।

ৰাজস্ব বিভাগৰ ঘোষণা মতে কেন্দ্ৰ চৰকাৰে পেট্ৰ’ল আৰু ডিজেলত ২-২ টকা উৎপাদক শুল্ক বৃদ্ধিৰ কথা কৈছে। জানিব পৰা মতে পেট্ৰলৰ ওপৰত উৎপাদন শুল্ক ১৩ টকা প্ৰতি লিটাৰ আৰু ডিজেলৰ ওপৰত ১০ টকা প্ৰতি লিটাৰ বৃদ্ধি কৰা হৈছে।

এই খবৰে খুচুৰা গ্ৰাহকসকলক ভয় কৰাৰ হোৱা প্ৰয়োজন নাই, কাৰণ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্রালয়ে এইটো জনাইছে যে আজি উৎপাদন শুল্কৰ হাৰ বৃদ্ধিৰ পাছত পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা মূল্যত কোনো বৃদ্ধি নহ’ব।

নিৰ্দেশনাটোত কোৱা হৈছে যে কেন্দ্ৰীয় উৎপাদক শূল আইন, ১৯৪৪ ৰ ধাৰা ৫এ আৰু বিত্ত আইন, ২০০২ ৰ ধাৰা ১৪৭ অনুসৰি কেন্দ্ৰ চৰকাৰে জনহিতত শুল্ক বৃদ্ধি কৰিছে।

বিগত কিছুমান দিনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেঁচা তেলৰ দামৰ কম হোৱাৰ ফলস্বৰূপে পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা দাম কমোৱাৰ আশা প্ৰকাশ কৰা হৈছিল কিন্তু এতিয়া উৎপাদ শুল্ক বাঢ়ি যোৱাৰ ফলস্বৰূপ এনে হোৱাৰ সম্ভাৱনা কম হৈছে।