বুধবাৰে শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা মেচখনত জয়লাভেৰে মহিলা টি-২০ বিশ্বকাপত ছেমি ফাইনেলৰ আশা সজীৱ কৰি ৰাখিছে ভাৰতীয় দলে । মেচখনত ভাৰতীয় দলটোৱে ৮২ ৰাণত জয়লাভ কৰে আৰু ছেমি ফাইনেলত উপনীত হোৱাৰ আশা জীয়াই ৰাখে । খেলখনত ভাৰতীয় দলে টছত জয়ী হৈ প্ৰথমে বেটিং কৰি ১৭৩ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰে । ইয়াৰ প্ৰত্যুত্তৰত শ্ৰীলংকাৰ দলটোৱে ৯০ ৰাণতে আত্মসমৰ্পণ কৰে ।
হৰমনপ্ৰীত আৰু মন্ধানাৰ অৰ্ধ শতক-
প্ৰথমে বেটিং কৰি ভাৰতীয় দলে ৩ উইকেটৰ বিনিময়ত ১৭২ ৰাণ সংগ্ৰহ কৰে । দলৰ হৈ অধিনায়ক হৰমনপ্ৰীত কৌৰ আৰু সহ-অধিনায়ক স্মৃতি মন্ধানাই অৰ্ধ শতক অৰ্জন কৰে । হৰমনে ২৭ টা বলত অপৰাজিত ৫২ ৰাণৰ এক দৰ্শনীয় ইনিংছ খেলে । আনহাতে মন্ধানাই ৩৮ টা বলত ৫০ ৰাণ সংগ্ৰহ কৰে ।
ইয়াৰ উপৰিও অপেনাৰ শ্বেফালী বাৰ্মাই ৪০ টা বলত ৪৩ ৰাণ সংগ্ৰহ কৰি দলক এক শক্তিশালী আৰম্ভণি দিয়ে । মেচখনত হৰমন আৰু মন্ধানাই ১-১ টা ছয় কোবাই । জেমিমা ৰড্ৰিগজে ১৬ ৰাণ আৰু ৰিচা ঘোষে ৬ ৰাণ সংগ্ৰহ কৰে । শ্ৰীলংকাৰ হৈ অধিনায়ক চামাৰি আটাপাত্তু আৰু আমা কাঞ্চনাই ১-১ টা উইকেট দখল কৰে ।
টি-২০ বিশ্বকাপত দ্ৰুত অৰ্ধশতক অৰ্জন কৰা ভাৰতীয় বেটাৰ-
২৭ টা বলত- হৰমনপ্ৰীত কৌৰ বনাম শ্ৰীলংকা, ডুবাই, ২০২৪
৩১ টা বলত- স্মৃতি মন্ধানা বনাম অষ্ট্ৰেলিয়া, গোয়ানা, ২০১৮
৩২ টা বলত- হৰমনপ্ৰীত কৌৰ বনাম অষ্ট্ৰেলিয়া, কেপ টাউন, ২০২৩
৩৩ টা বলত- হৰমনপ্ৰীত কৌৰ বনাম নিউজীলেণ্ড, গোয়ানা, ২০১৮
৩৬ টা বলত- মিতালী ৰাজ বনাম শ্ৰীলংকা, বেছেটাৰ, ২০১০
পইণ্ট তালিকাত উন্নত হ’ল ভাৰতীয় দলৰ স্থান-
গ্ৰুপ এ-ত ভাৰত আৰু শ্ৰীলংকা দুয়োৰে বাবে এইখন প্ৰতিযোগিতাৰ তৃতীয়খন খেল আছিল । ভাৰতীয় দলটোৱে এতিয়ালৈকে ২ খন মেচ জিকিছে আৰু এখনত পৰাজিত হৈছে । ভাৰতে যোৱা খেলখনত পাকিস্তানক ৬ উইকেটত পৰাস্ত কৰিছিল । শ্ৰীলংকা পঞ্চম স্থানত আছে । দলটোৱে প্ৰতিযোগিতাখনত এটাও জয় পঞ্জীয়ন কৰিবলৈ সক্ষম হোৱা নাই ।
এই মেচত জয়লাভ কৰি ভাৰতীয় দলটো পইণ্ট তালিকাৰ দ্বিতীয় স্থানত উপনীত হৈছে । লগতে, দলটোৰ নেট ৰান ৰেট প্লাছত 0.৫৭৬ ত উপনীত হৈছে । আনহাতে খেলখনৰ পূৰ্বে ৰাণ ৰেট -১.২১৭ আছিল । পইণ্ট তালিকাত, অষ্ট্ৰেলিয়া বৰ্তমান ২ টা জয়ৰ সৈতে শীৰ্ষত আছে । দলটোৰ মুঠ ৰাণৰ হাৰ ২.৫২৪ ।