ধৰাৰ পৰা বিদায় মাগিলে মা দুৰ্গাই। অন্ত পৰিল শাৰদীয় দুৰ্গা পূজাৰ। প্ৰত্যেকবাৰৰ দৰে এইবাৰো গুৱাহাটীত পুজাৰ বতৰত অভিলেখ ভংগ কৰিলে সুৰাৰ বিক্ৰীয়ে । ষষ্ঠীৰ দিনাৰ পৰা দশমীৰ দিনালৈ গুৱাহাটীত সুৰাৰ বিক্ৰীৰ ক্ষেত্ৰত পূৰ্বৰ সকলো অভিলেখ ভংগ।
এইবাৰ পূজাৰ বতৰত গুৱাহাটীত বিক্ৰী হ’ল বহু কোটি টকাৰ বিলাতী সুৰা ।
পূজাৰ বতৰত গুৱাহাটীত ৩০ কোটি টকাৰ বিক্ৰী সুৰা। দুৰ্গোৎসৱৰ সময়ত কেৱল গুৱাহাটীতে ৩০কোটি টকাৰ সুৰা বিক্ৰী হোৱা তথ্য প্ৰকাশ আবকাৰী আয়ুক্তালয়ৰ।
উৎসৱৰ সময়ত গুৱাহাটীত সুৰা বিক্ৰীৰ ক্ষেত্ৰত প্ৰত্যেকবাৰে ভংগ হয় অভিলেখ। বিগত উৎসৱৰ কিছু তথ্য অনুসৰি ইয়াৰ অনুমান লগাব পাৰি।
নৱবৰ্ষৰ সময়ত গুৱাহাটীত বিক্ৰী হৈছিল ৭ কোটি ৮০ লাখ টকাৰ সুৰা। উৰুকা আৰু মাঘৰ বিহুত ১২ কোটি ৫ লাখ টকাৰ সুৰা বিক্ৰী। বিশ্বকৰ্মা পূজাৰ দিনা গুৱাহাটী মহানগৰীত ৫.৭০ কোটি টকা সুৰা বিক্ৰী। ২০২৩ চনত দুৰ্গা পূজাৰ সময়ত মহানগৰীত বিক্ৰী হৈছিল ২২.৫ কোটি টকাৰ সুৰা।