আজিকালি মানুহে ক্ৰমান্বয়ে ফিটনেছ আৰু বডি বিল্ডিঙৰ বাবে প্ৰটিন পাউদাৰৰ আশ্ৰয় ল’বলৈ আৰম্ভ কৰিছে । জিমলৈ যোৱা বেছিভাগ মানুহেই বিশ্বাস কৰে যে এটা ভাল শৰীৰ গঢ়ি তুলিবলৈ আৰু পেশী শক্তিশালী কৰিবলৈ প্ৰটিন পাউদাৰ গ্ৰহণ কৰাটো প্ৰয়োজনীয় । অৱশ্যে এই কথা সম্পূৰ্ণ সত্য নহয় । আপোনাৰ খাদ্য তালিকাত সঠিক আৰু প্ৰাকৃতিক বস্তু অন্তৰ্ভুক্ত কৰিলে আপুনি প্ৰটিন পাউদাৰ নোহোৱাকৈ এটা সুস্থ আৰু শক্তিশালী শৰীৰ গঢ়িব পাৰে ।

আজি আমি আপোনালোকক এনে চাৰিটা বস্তুৰ কথা কম যিবোৰ আপুনি আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি এটা ভাল শৰীৰ গঢ়ি তুলিব পাৰে ।
দাইল-
দালি হৈছে প্ৰটিনৰ এক উৎকৃষ্ট প্ৰাকৃতিক উৎস । ইয়াত প্ৰয়োজনীয় এমিনো এচিড থাকে, যিয়ে পেশী আৰু শৰীৰ গঠনত সহায় কৰে । দালিত পোৱা প্ৰ’টিন শৰীৰে সহজে শোষণ কৰে । মগু দালি, মছুৰ দালি আৰু ৰহৰ দালিক আপোনাৰ খাদ্যৰ তালিকাত অন্তৰ্ভূক্ত কৰিব পাৰে, যাতে আপুনি প্ৰয়োজনীয় পৰিমাণৰ প্ৰটিন লাভ কৰিব পাৰে ।
কণী-
কণী হৈছে আটাইতকৈ কম খৰচী আৰু সহজে উপলব্ধ প্ৰটিনৰ উৎস । এটা কণীত প্ৰায় ৬ গ্ৰাম প্ৰটিন থাকে । ইয়াৰ উপৰিও কণীত ভিটামিন বি ১২, ভিটামিন ডি আৰু অন্যান্য প্ৰয়োজনীয় পুষ্টিকৰ উপাদান থাকে, যিয়ে পেশীৰ বিকাশত সহায় কৰে । বডি বিল্ডিঙৰ বাবে আপোনাৰ খাদ্যত সিজোৱা কণী বা অমলেট অন্তৰ্ভুক্ত কৰাটো অতি উপকাৰী হ’ব পাৰে ।
পনীৰ-
পানীৰ আন এক উৎকৃষ্ট প্ৰাকৃতিক প্ৰটিনৰ উৎস, যিয়ে শৰীৰক শক্তিশালী কৰাত সহায় কৰে । বিশেষকৈ সতেজ ঘৰতে বনোৱা পানীৰ উচ্চ প্ৰটিন আৰু কম চৰ্বিযুক্ত এটা ভাল বিকল্প । পনীৰত থকা প্ৰ’টিন লাহে লাহে শৰীৰত শোষিত হয়, যাৰ ফলত পেশীবোৰক দীৰ্ঘদিন ধৰি পুষ্টি প্ৰদান কৰে । ইয়াক আপোনাৰ খাদ্য তালিকাত চালাড, চেণ্ডুইচ বা শাক-পাচলিৰ লগত অন্তৰ্ভুক্ত কৰক ।
চয়াবিন-
চয়াবিন হৈছে সম্পূৰ্ণ প্ৰটিনৰ উৎস, য’ত সকলো প্ৰয়োজনীয় এমিনো এচিড থাকে । নিৰামিষভোজী লোকৰ বাবে পেশী গঠনৰ বাবে এইটোৱেই উত্তম বিকল্প । চয়াবিন খোৱাৰ ফলত কেৱল প্ৰটিন পোৱাই নহয়, ই পেশীবোৰো শক্তিশালী কৰে । ইয়াক চালাড, তৰকাৰী বা স্নেক্স হিচাপে খাব পাৰি ।