এতিয়াৰেপৰা শিক্ষকে শ্ৰেণীকেঠাত ব্যৱহাৰ কৰিব নোৱাৰিব মোবাইল ফোন। শিৱসাগৰৰ বিদ্যালয় পৰিদৰ্শকে জাৰি কৰিছে নিষেধাজ্ঞা।
শিৱসাগৰৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈয়ে জিলাখনৰ প্ৰতিখন বিদ্যালয়লৈ জাৰি কৰিছে এই নিৰ্দেশনা পত্ৰ।

এতিয়াৰে পৰা শিক্ষক সকলে শ্ৰেণীকেঠাত ব্যক্তিগত কামৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব মোবাইল ফোন।শ্ৰেণীকোঠালৈ কোনো শিক্ষকে লৈ যাব নোৱাৰিব মোবাইল ফোন।
কেৱল উপস্থিতিৰ তথ্য ৰেকৰ্ড কৰা তথা শৈক্ষিক বিষয়ৰ প্ৰয়োজনতহে মোবাইল ফোন ব্যৱহাৰ কৰিব পাৰিব।শ্ৰেণীকেঠাত শৈক্ষিক বিষয়ৰ প্ৰয়োজনত মোবাইল ফোন ব্যৱহাৰ কৰিবলগীয়া হ’লেও ল’ব লাগিব প্ৰয়োজনীয় অনুমতি।বিদ্যালয় পৰিদৰ্শকৰ এই সিদ্ধান্তক আদৰণি সচেতন মহলৰ।