প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তিনিদিনীয়া শ্ৰীলংকা ভ্ৰমণৰ অন্তিম দিনটোত ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়কেৰ সৈতে অনুৰাধাপুৰা ভ্ৰমণ কৰি জয় শ্ৰী মহাবোধী মন্দিৰত প্ৰাৰ্থনা কৰে । মন্দিৰত বৌদ্ধ ভিক্ষুৰ পৰা আশীৰ্বাদ লয় প্ৰধানমন্ত্ৰী মোদীয়ে । ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰীলংকাৰ উত্তৰ অঞ্চলটোক ৰাজধানী কলম্বোৰ সৈতে সংযোগ কৰা ৰে’ল প্ৰকল্পৰ শুভাৰম্ভ কৰে । এই প্ৰকল্প সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত ভাৰতে শ্ৰীলংকাক কাৰিকৰী আৰু আৰ্থিক সাহায্য আগবঢ়াইছে । উল্লেখ্য যে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে শ্ৰীলংকালৈ তিনিদিনীয়া ভ্ৰমণৰ বাবে ৪ এপ্ৰিলৰ সন্ধিয়া ৰাজধানী কলম্বোত উপস্থিত হৈছিল ।
যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত অনুৰা কুমাৰ দিছানায়াকে শ্ৰীলংকাৰ দশম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল । ইয়াৰ পিছত তেওঁ প্ৰথম বিদেশ ভ্ৰমণৰ বাবে ভাৰতক বাছি লৈছিল । একে সময়তে দিছনায়কে ৰাষ্ট্ৰপতি হোৱাৰ পিছত শ্ৰীলংকা ভ্ৰমণ কৰা প্ৰথমজন বিদেশী নেতা প্ৰধানমন্ত্ৰী মোদী । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অনুৰাধাপুৰাত মহো-অনুৰাধাপুৰা ৰে’লৱে চিগনেলিং চিষ্টেম আৰু মহো-ওমন্থাই ৰে’ল লাইন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে । এই দুয়োটা প্ৰকল্প ভাৰত চৰকাৰৰ সহায়ত প্ৰতিষ্ঠা কৰা হৈছে । প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ সময়ত বিশেষ সদিচ্ছাৰ ইংগিত হিচাপে শ্ৰীলংকাই ১৪ জন ভাৰতীয় মাছমৰীয়াক মুকলি কৰি দিয়ে ।
বিশ্ব ঐতিহ্য সম্পত্তি অনুৰাধাপুৰা-
অনুৰাধাপুৰা এখন বৌদ্ধ তীৰ্থনগৰ আৰু বিশ্ব ঐতিহ্য সম্পত্তি । ইয়াৰ উপৰিও শ্ৰীলংকা, কম্বোডিয়া, লাওছ আৰু ম্যানমাৰৰ প্ৰধান ধৰ্ম থেৰাভাদা বৌদ্ধ ধৰ্মৰ জন্মস্থান । বৌদ্ধ ধৰ্মৰ এই ৰূপ ভাৰত, চীন, বাংলাদেশ, নেপাল আৰু ভিয়েটনামতো প্ৰচলিত । অনুৰাধাপুৰা শ্ৰীলংকাৰ প্ৰাচীন ৰাজধানীও আছিল, যিখন আশীৰ দশকৰ পৰা ইউনেস্ক’ৰ সহযোগত সংৰক্ষিত হৈ আহিছে । শ্ৰীলংকা চৰকাৰে জাফনা আৰু কেণ্ডীৰ লগতে অনুৰাধাপুৰাকো ঐতিহ্যমণ্ডিত চহৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে ।