সোমবাৰে দেহাৱসান ঘটে হিন্দী চিনেমাৰ প্ৰবীণ পৰিচালক শ্যাম বেনেগালৰ । ৯০ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । কায়িকভাৱে তেখেতৰ মৃত্যু হ’ল যদিও কিংবদন্তি চলচ্চিত্ৰ নিৰ্মাতাজনে এৰি গৈছে বহু স্মৃতি ।
তেওঁ নিজেই এটা সাক্ষাৎকাৰত কোৱাৰ দৰে, ‘মই অতীতত জীয়াই থাকিব নিবিচাৰো…’ ইয়াক তেওঁৰ জীৱনৰ নীতি বুলি ক’লে ভুল কোৱা নহ’ব । ১৯৩৪ চনৰ ১৪ ডিচেম্বৰত জন্মগ্ৰহণ কৰা শ্যাম বেনেগালৰ চিন্তাধাৰা আছিল অতি দূৰদৰ্শী । তেওঁ সদায়ে নিজৰ ছবিৰ জৰিয়তে সমাজৰ আগত এখন আইনা দেখুৱাইছিল ।
শ্যাম বেনেগালৰ আইকনিক যাত্ৰা-
অংকুৰঃ ১৯৭৪ চনত শ্যাম বেনেগালে ‘অংকুৰ’ ছবিৰে পৰিচালনা আৰম্ভ কৰিছিল । এই ছবিখন সামাজিক বিষয়ৰ ওপৰত আধাৰিত আছিল । এই ছবিখনে তেওঁক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰিছিল । ‘অংকুৰ’এ ৪০টাতকৈও অধিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল । এই ছবিখনত তেওঁ সামন্তবাদ আৰু যৌন নিৰ্যাতনৰ দৰে জ্বলন্ত বিষয়সমূহৰ ওপৰত আলোকপাত কৰিছিল । ইয়াত শ্যামে হায়দৰাবাদত ঘটা প্ৰকৃত ঘটনা দৰ্শকৰ সন্মুখত এখন ছবিৰ ৰূপত দাঙি ধৰিছিল । শ্যামৰ সৈতে শ্বাবানা আজমীৰ এইখন আছিল প্ৰথমখন ছবি ।
মাণ্ডীঃ শ্যাম বেনেগালৰ এই ছবিখন সমাজৰ সেইসকল মহিলাৰ কাহিনী যিয়ে নিজৰ শৰীৰ বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰে । ছবিখনত মুখ্য চৰিত্ৰত দেখা গৈছিল শ্বাবানা আজমী, স্মিতা পাটিল, নাছিৰুদ্দিন শ্বাহক । এই ছবিখনে ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছিল ।
কলয়ুগঃ মহাভাৰতৰ পৰা অনুপ্ৰাণিত হৈ এই কাহিনীটোত ব্যৱসায়ক লৈ কলয়ুগ পৰিয়ালৰ মাজত থকা শত্ৰুতা চিত্ৰিত কৰা হৈছিল । ছবিখনত ৰাজ বাব্বৰ, শশী কাপুৰ, সুপ্ৰিয়া পাঠক, অনন্ত নাগ, ৰেখা, কুলভূষণ খৰবান্দা, সুষমা ছেঠ আদি প্ৰবীণ অভিনেতাই অভিনয় কৰিছিল । এইখন আছিল শ্যাম বেনেগালৰ অন্যতম শ্ৰেষ্ঠ ছবি ।
জুবেইদাঃ শ্যাম বেনেগালৰ পৰিচালনাত নিৰ্মিত এই ছবিখন এক বেলেগ প্ৰেম কাহিনীৰ ওপৰত নিৰ্মাণ কৰা হৈছিল । আজিও ইয়াৰ বহু চৰ্চা হয় । কৰিশ্মা কাপুৰৰ উল্লেখযোগ্য চিনেমাৰ ভিতৰত ইয়াক গণ্য কৰা হয় । ছবিখনত তেওঁৰ লগত আছিল মনোজ বাজপেয়ী আৰু ৰেখা ।
ভূমিকাঃ শ্যাম বেনেগালৰ এই ছবিখনত এগৰাকী বিখ্যাত মাৰাঠী অভিনেত্ৰীৰ কাহিনী দৰ্শকৰ সন্মুখত উপস্থাপন কৰা হৈছে । তেওঁৰ জীৱনলৈ পুৰুষ কেনেকৈ আহে আৰু তেওঁৰ জীৱনত বহু পৰিৱৰ্তন আহে । এইখন শ্যাম বেনেগালৰ অন্যতম শ্ৰেষ্ঠ আৰু প্ৰভাৱশালী ছবি । ইয়াত আমোল পালেকাৰ, স্মিতা পাটিল, অনন্ত নাগ, অমৃশ পুৰী আৰু নাছিৰুদ্দিন শ্বাহৰ দৰে অভিনেতাই মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ।
নিশান্তঃ গাঁৱৰ পটভূমিত পৰিৱেশিত এই ছবিখনে ভাৰতীৰ কাহিনী বৰ্ণনা কৰিছে, যেতিয়া মানুহে ন্যায়ৰ বাবে যুঁজিবলৈ ভয় কৰিছিল । উচ্চ শ্ৰেণীৰ মানুহে গাঁৱৰ মানুহক কেনেকৈ শোষণ আৰু অত্যাচাৰ কৰিছিল তাক উপস্থাপন কৰা হৈছে ছবিখনত । ছবিখনত শ্বাবানা আজমী, গিৰীশ কৰ্ণাদ, নাছিৰুদ্দিন শ্বাহ, অনন্ত নাগ, অমৃশ পুৰী, স্মিতা পাটিল আদি অভিনেতাই অভিনয় কৰিছিল । চিকাগো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো এই ছবিখনক গোল্ডেন প্লেক বঁটাৰে সন্মানিত কৰা হৈছিল ।