বকোৰ আঠকুপাৰাত ভয়ংকৰ দুৰ্ঘটনা। ৰে’লৰ খুন্দাত মৃত্যু ৰে’ল বিভাগৰ কৰ্মচাৰীৰ । নিহত লোকজন অংগত চন্দ্ৰ বৰ্মন । অংগত চন্দ্ৰ বৰ্মনৰ ঘৰ নলবাৰীৰ পাইকাৰকুচীত। দুখন বিপৰীতমুখী ৰে’লৰ মাজত পৰি মৃত্যু হয় লোকজনৰ। কৰ্মচাৰীজনক বহুদূৰ চোচোৰাই নিয়ে এখন ৰে’লে। ৰে’ল বিভাগৰ Keyman হিচাপে নিয়োজিত আছিল অংগত চন্দ্ৰ বৰ্মন। আঠকুপাৰাৰ ৰে’ল ক্ৰছিঙৰ সমীপত এই দুৰ্ঘটনা।
