৫ টা দিনৰ অন্তত অৱশেষত সন্ধান ওলাল নিৰুদিষ্ট ধৰ্মেন্দ্ৰ নাথৰ। বনভোজস্থলীৰ কাষৰ এটা পুখুৰীৰ পৰা উদ্ধাৰ হৈছে ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ। বান্ধি থোৱা অৱস্থাত প্ৰত্যক্ষ কৰা হৈছে ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ।
উল্লেখ্য যে ২৫ ডিচেম্বৰৰ পৰা সন্ধানহীন আছিল ৰঙিয়াৰ দক্ষিণ বৰদলৰ ধৰ্মেন্দ্ৰ নাথ নামৰ যুৱকজন। ২৫ ডিচেম্বৰৰ দিনা খৈৰাবাৰীৰ মালধাপাৰা আশ্ৰমত বনভোজ খাবলৈ গৈছিল।
আৰু যুৱকজনে সামান্য কথাত বনভোজস্থলীত হিমাংশু কাকতি নামৰ এজন ব্যক্তিৰ সৈতে সংঘাতত লিপ্ত হৈছিল।তেতিয়াৰে পৰাই সন্ধানহীন হৈ আছিল ধৰ্মেন্দ্ৰ।
ধৰ্মেন্দ্ৰ নাথক বিচাৰি দক্ষিণ বৰদলবাসীয়ে ৰঙিয়া আৰক্ষীয় থানাৰ সন্মুখত সাব্যস্ত কৰিছিল তীব্ৰ প্ৰতিবাদ। ৫ দিন ধৰি ৰঙিয়া আৰক্ষীয়ে বিভিন্ন প্ৰান্তত ধৰ্মেন্দ্ৰক বিচাৰি চলাইছিল অভিযান।
তাৰ পিছত আৰক্ষীয়ে আটক কৰিছিল হিমাংশু কাকতি আৰু অমূল্য লহকৰ নামৰ দুই অভিযুক্তক।দুই অভিযুক্তত জেৰাৰ পিছতে আজি পুৱাৰ ভাগত পুনৰ চলাইছিল অভিযান।
এই অভিযানত বনভোজস্থলীৰ কাষৰ এটা পুখুৰীৰ পৰা উদ্ধাৰ হৈছে ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ।শীঘ্ৰেই এই ঘটনাৰ সৈতে জড়িত আটাইকেইটা অপৰাধীক গ্ৰেপ্তাৰৰ আহ্বান দক্ষিণ বৰদলবাসীৰ