উত্তৰ প্ৰদেশৰ ঝাঁচীত মহাৰাণী লক্ষ্মীবাই চিকিৎসা মহাবিদ্যালয়ত এক শোকাৱহ ঘটনা সংঘটিত হৈছে।চিকিৎসা মহাবিদ্যালয়খনত শুকুৰবাৰে নিশা নৱজাতকৰ ICU ত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড।
অগ্নিকাণ্ডটোৰ ফলত জীৱন্তে অগ্নিদগ্ধ হৈ ১০ টি নৱজাতকৰ মৃত্যু হয়।ঘটনাটোৰ সময়ত NICU ত ৫৪ টা শিশু আছিল।চিকিৎসালয়ৰ বিচনাত বৰ্তমান জীৱন মৃত্যুৰে যুঁজি আছে ১৬ টাকৈ শিশুৱে ।
জানিব পৰা মতে অক্সিজেন কনচেণ্ট্ৰটৰত হোৱা শ্বৰ্ট-চাৰ্কিটৰ ফলতেউ জুইৰ সূত্ৰপাত হয়। অগ্নিকাণ্ডটোৰ পিছতেই বহুলোকে অভিযোগ কৰিছে যে জুই লগাৰ সময়ত অট্টালিকাটোত কোনো সুৰক্ষা এলাৰ্ম বাজি উঠা নাছিল।
যাৰ বাবে সুৰক্ষা কৰ্মী আৰু চিকিৎসা মহাবিদ্যালয় প্ৰশাসনে সময়মতে দুৰ্ঘটনাটোৰ বিষয়ে তথ্য লাভ কৰিব নোৱাৰিলে।ইয়াৰ লগতে, চিকিৎসালয়ত উপস্থিত থকা নৱজাতকৰ পিতৃ-মাতৃ সকলেও ঘটনাটোৰ একো গম নাপালে, অন্যথা তেওঁলোকে সতৰ্ক হ’ব পাৰিলেহেঁতেন।
নৱজাতকৰ ৱাৰ্ডৰ পৰা জুই আৰু ধোঁৱা ওলোৱা দেখি তাত ৰৈ থকা পিতৃ-মাতৃ সকলে খিৰিকিৰ গ্লাচ ভাঙি তাত প্ৰৱেশ কৰিছিল । আৰু যেনেকৈয়ে পাৰে তেনেকৈয়ে তাত থকা শিশুসকলক উদ্ধাৰ কৰিছিল।
ঘটনাটোত শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বিভাগীয় আয়ুক্ত আৰু উপ আৰক্ষী মহাপৰিদৰ্শকক ঘটনাটোৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে।