১৯৮৯ চনৰ ১৫ নৱেম্বৰত শচীন তেণ্ডুলকাৰে পাকিস্তানৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আত্মপ্ৰকাশ কৰিছিল । মাত্ৰ ১৬ বছৰ বয়সত, এজন মহান বেটছমেন হিচাপে শচীনৰ প্ৰতিভা স্পষ্ট হ’বলৈ ধৰিলে । পৰৱৰ্তী ২৪ বছৰত, শচীনে ভাৰতীয় ক্ৰিকেট দলক সেৱা আগবঢ়ায় আৰু ৩৪,000 তকৈ অধিক আন্তঃৰাষ্ট্ৰীয় ৰাণ সংগ্ৰহ কৰাৰ অভিলেখ স্থাপন কৰে । ইফালে ২০১৩ চনৰ ১৪ নৱেম্বৰত ‘মাষ্টাৰ ব্লাষ্টাৰে’ তেওঁৰ কেৰিয়াৰৰ অন্তিমখন মেচ খেলিছিল ।
সেই সময়ত ৱেষ্ট ইণ্ডিজৰ দলটো ভাৰত ভ্ৰমণত আছিল আৰু দুখনীয়া খেলৰ টেষ্ট শৃংখলাত অংশগ্ৰহণ কৰিছিল । প্ৰথমখন মেচত ভাৰতে এক ইনিংছ আৰু ৫১ ৰানৰ বৃহৎ ব্যৱধানত জয়লাভ কৰিছিল । শৃংখলাৰ দ্বিতীয়খন মেচ আৰু শচীন টেণ্ডুলকাৰৰ কেৰিয়াৰৰ অন্তিমখন মেচ ১৪ নৱেম্বৰৰ পৰা মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত আৰম্ভ হয় । ৱেষ্ট ইণ্ডিজৰ প্ৰথম ইনিংছ শেষ হয় মাত্ৰ ১৮২ ৰানত ।
শচীন টেণ্ডুলকাৰে লাভ কৰে গাৰ্ড অৱ অনাৰ-
শচীন টেণ্ডুলকাৰে প্ৰথম দিনাই বেটিং কৰিবলৈ আহিছিল কাৰণ শিখৰ ধাৱান আৰু মুৰালী বিজয়ে একেটা অভাৰতে নিজ নিজ উইকেট হেৰুৱাইছিল । টেষ্ট কেৰিয়াৰৰ ২০০ সংখ্যক মেচ খেলিবলৈ যেতিয়া শচীন টেণ্ডুলকাৰ ড্ৰেছিং ৰুমৰ পৰা ওলাই আহিছিল, তেতিয়া ৱেষ্ট ইণ্ডিজৰ ১১ জন খেলুৱৈয়ে তেওঁক গাৰ্ড অৱ অনাৰ প্ৰদান কৰি সন্মান জনাইছিল । ৱাংখেড়ে ষ্টেডিয়ামত উপস্থিত থকা প্ৰতিজন অনুৰাগীয়ে শচীন-শচীনৰ চিঞৰিছিল । শচীনে এটা শতিকাৰ স্মৃতিত নিজৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ শেষ কৰিব পাৰিবনে নাই সেয়াও তেওঁৰ অনুৰাগীৰ মনত এটা প্ৰশ্ন উত্থাপন হৈছিল ।
বেট আৰু বলৰ সৈতে অৱদান-
শচীন টেণ্ডুলকাৰে ৭৪ ৰান সংগ্ৰহ কৰিছিল আৰু বিৰাট কোহলীৰ সৈতে তেওঁৰ ১৪৪ ৰানৰ অংশীদাৰিত্ব আছিল । কিন্তু দুৰ্ভাগ্যবশতঃ ইনিংছৰ ৪৮ নং অভাৰত ৭৪ ৰান সংগ্ৰহ কৰি শচীন আউট হৈছিল । যেতিয়া তেওঁ পুনৰ পেভিলিয়নলৈ উভতি আহিছিল, তেতিয়া তেওঁৰ সন্মানত সমগ্ৰ ষ্টেডিয়াম থিয় হৈছিল । শচীনে তেওঁৰ অন্তিমখন মেচত ২ অভাৰত বলিং কৰিছিল, তেওঁ ৮ ৰান দিছিল যদিও কোনো উইকেট ল’ব পৰা নাছিল । আজিলৈকে টেষ্ট ক্ৰিকেটৰ ইতিহাসত ২০০খন খেল খেলা একমাত্ৰ খেলুৱৈ শচীন ।