স্বাস্থ্যৰ ক্ষেত্ৰত শীতকাল অতি প্ৰত্যাহ্বানজনক, বিশেষকৈ ওজন বৃদ্ধি এই বতৰত অতি সাধাৰণ সমস্যা । ঠাণ্ডাৰ বতৰে আমাৰ ওজন হ্ৰাস প্ৰক্ৰিয়াত বহু ধৰণে প্ৰভাৱ পেলায় । আটাইতকৈ ডাঙৰ কথাটো হ’ল শীতকালত আমাৰ শাৰীৰিক ক্ৰিয়া-কলাপো কমি যায় । আমি পানী কমকৈ খাওঁ আৰু কেতিয়াবা খোৱা-বোৱাও বেছিকৈ কৰা হয় ।
সূৰ্যৰ পোহৰৰ কমকৈ পোৱাৰ বাবে এই সময়ত আমাৰ শৰীৰত ভিটামিন ডিৰ অভাৱ হয় আৰু এই সকলোবোৰৰ বাবে শৰীৰৰ বিপাকীয় ক্ৰিয়াতো প্ৰভাৱ পৰে । এনে পৰিস্থিতিত যদি আপুনি শীতকালত আপোনাৰ ওজন নিয়ন্ত্ৰণ কৰিব বিচাৰে আৰু লগতে পেটৰ চৰ্বি হ্ৰাস কৰিব বিচাৰে তেন্তে ইয়াত আমি আপোনাক কিছু পদ্ধতি কৈছো ।
ঘৰতে ব্যায়াম কৰক-
যদি শীতকালত জিম বা পাৰ্কলৈ যোৱাৰ মন নাযায়, তেন্তে সক্ৰিয় হৈ থাকিবলৈ ঘৰৰ ভিতৰতে ব্যায়াম কৰাৰ চেষ্টা কৰক । ঘৰতে যোগাসন কৰক । যোগ হৈছে সৰ্বোত্তম ব্যায়াম । সূৰ্য্য নমস্কাৰ কৰক । দ্ৰুত খোজ কাঢ়ক । চিৰি বগাই যোৱা, নৃত্য কৰা আদি ঘৰৰ ভিতৰৰ ব্যায়ামৰ কিছুমান ভাল উপায় যাৰ জৰিয়তে শীতকালত সক্ৰিয় হৈ থাকিব পাৰি ।
নিয়ন্ত্ৰণ কৰক-
ওজন কমোৱাৰ বাবে পৰ্চন কণ্ট্ৰ’ল সৰ্বোত্তম উপায় । তিনিবাৰ গুৰু আহাৰ খাই বা নিজকে অনাহাৰে ৰখাৰ পৰিৱৰ্তে কম পৰিমাণৰ খাদ্য খাওক । ইয়াৰ ফলত আপুনি অধিক সময়ৰ বাবে পেট ভৰি থকা অনুভৱ কৰিব, যাৰ ফলত আপুনি জাংক ফুড কমকা খাবলৈ সক্ষম হ’ব । লগতে খাদ্য এৰি নিদিবলৈ চেষ্টা কৰক । খাদ্যাভ্যাসৰ ক্ষেত্ৰত মধ্যমীয়া হওক আৰু আপোনাৰ কাঁহীখন যদি প্ৰটিন আৰু স্বাস্থ্যকৰ খাদ্যৰে ভৰি থাকে তেন্তে ভাল হ’ব ।
পানীৰ পৰিমাণ বৃদ্ধি কৰা-
শীতকালত মানুহে প্ৰায়ে কম পানী খায় । এই ভুলৰ ফলত শৰীৰত বেয়া প্ৰভাৱ পৰে । পানীৰ অভাৱত শৰীৰত ডিহাইড্ৰেশ্যন হয়, যাৰ ফলত শৰীৰৰ বিপাকীয় ক্ৰিয়া লেহেমীয়া হয় আৰু শৰীৰৰ ওজন কমাবলৈ অসুবিধা হয় । ডিহাইড্ৰেচনে চৰ্বি জ্বলোৱাৰ ক্ষমতা হ্ৰাস কৰিব পাৰে । শীতকালত কুহুমীয়া পানী খাব পাৰে । কুহুমীয়া পানী খালে আমাৰ শৰীৰত জমা হোৱা চৰ্বি কমাই তেজৰ সঞ্চালন ভালদৰে বজাই ৰাখে । ইয়াৰ লগতে চৰ্বি কম কৰিবলৈ নেমুৰ ৰস আৰু মৌ মিহলি কুহুমীয়া পানী খাব লাগে । ইয়াৰ উপৰিও চিয়া গুটি মিহলাইও খাব পাৰে যিয়ে পেটৰ চৰ্বি কমোৱাত আপোনাৰ বাবে অতি সহায়ক হ’ব ।