শীতকালত এনেবোৰ বস্তু খাদ্যত অন্তৰ্ভুক্ত কৰা হয় যিয়ে আপোনাৰ শৰীৰক ভিতৰৰ পৰা উষ্ণতা প্ৰদান কৰে আৰু আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখে । লগতে ঋতুভিত্তিক ৰোগবোৰ আপোনাৰ পৰা আঁতৰত থাকে । এনে পৰিস্থিতিত খেজুৰ সেৱনে শৰীৰক শক্তি প্ৰদান কৰাই নহয় আন বহুতো স্বাস্থ্য উপকাৰিতাও প্ৰদান কৰে ।
খেজুৰ খোৱাৰ স্বাস্থ্য উপকাৰীতা-
হাড় মজবুত কৰি ৰাখে-
শীতকালত শৰীৰক অধিক শক্তিৰ প্ৰয়োজন হয়, এনে পৰিস্থিতিত খেজুৰে এই প্ৰয়োজনীয়তা পূৰণ কৰে । শীতকালত যেতিয়া হাড়ৰ বিষ হয়, তেতিয়া খেজুৰ খোৱাটো উপকাৰী কাৰণ ইয়াত কেলচিয়াম, ফছফৰাছ, মেগনেছিয়াম আদি পুষ্টিকৰ উপাদান থাকে ।
হজম শক্তি উন্নত কৰে-
মানুহে প্ৰায়ে শীতকালত হজম শক্তি সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হয়, এনে পৰিস্থিতিত খেজুৰত থকা আঁহে হজম শক্তি সুস্থ কৰি ৰখাত সহায় কৰে । একে সময়তে খেজুৰত ভাল পৰিমাণৰ পটাছিয়াম আৰু মেগনেছিয়াম থাকে, যি হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেও উপকাৰী ।
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে-
এই শুকান ফলত ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট থাকে, যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । খেজুৰত ভিটামিন বি ৫ আৰু ভিটামিন চি থাকে, যিয়ে ছালখনক সুস্থ কৰি ৰখাত সহায় কৰে । ইয়াৰ উপৰিও ই চুলিৰ বৃদ্ধিত সহায় কৰে ।
অৱসাদ দূৰ কৰে-
খেজুৰত ভিটামিন বি ৬ থাকে, ই মানসিক শান্তি আৰু সতেজতা প্ৰদান কৰে, বিশেষকৈ শীতকালত যেতিয়া ক্লান্তি আৰু হতাশাৰ সমস্যা অধিক অনুভৱ হয় । খেজুৰত অধিক পৰিমাণৰ আঁহ থাকে, যাৰ ফলত পেটটো দীৰ্ঘ সময়লৈকে ভৰি থাকে, গতিকে ওজন বৃদ্ধিৰ কোনো ভয় নাথাকে ।