পুনৰ শিক্ষক সমাজক লজ্জিত কৰিলে এজন শিক্ষকে।শিক্ষকগৰাকীৰ নাম আবু তাহেৰ শ্বেখ।শিক্ষক-শিক্ষাৰ্থীৰ মাজৰ পবিত্ৰ সম্পৰ্কত কালিমা সানিলে আবু তাহেৰ শ্বেখে।
ছাত্ৰীক যৌন নিৰ্যাতনৰ অশালীন মেছেজ দি মানসিকভাৱে হাৰাশাস্তিৰ অভিযোগ আৰবী শিক্ষকগৰাকীৰ বিৰুদ্ধে । দীৰ্ঘদিনৰ পৰা শিক্ষক গৰাকীয়ে দি আহিছিল এই মেছেজ।
পিছত ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে এই কথা জানিব পাৰি ঘটনা সন্দৰ্ভত ভুক্তভোগী ছাত্ৰীৰ পৰিয়ালে তামাৰহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।
লম্পট শিক্ষক আবু তাহেৰ শ্বেখৰ বিৰুদ্ধে pocsoআইনৰ অধীনত ৭৯ BNS ধাৰাত গোচৰ ৰুজু হৈছে।আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ খবৰ পোৱাৰ পিছতে পলাতক অভিযুক্ত আবু তাহেৰ শ্বেখ।আত্মগোপন কৰি থকা শিক্ষক আবু তাহেৰ শ্বেখক শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী ৰাইজৰ