২০ জানুৱাৰীত আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব ড’নাল্ড ট্ৰাম্পে । ইয়াৰ পূৰ্বে মঙলবাৰে ফ্ল’ৰিডাৰ নিজৰ মাৰ-এ-লাগো বাসগৃহত এখন সংবাদমেল অনুষ্ঠিত কৰি তেওঁ নাটো, গাজাত ইজৰাইলৰ পণবন্দী, গ্ৰীণলেণ্ড ক্ৰয় কৰা আৰু পানামা কেনেল নিয়ন্ত্ৰণকে ধৰি নিজৰ এজেণ্ডা তথা কৰ্মসূচীৰ ৰূপৰেখা দাঙি ধৰে । ইলন মাস্কক লৈও তেওঁ নিজৰ মতামত প্ৰকাশ কৰে আৰু কানাডাক আমেৰিকাৰ ৫১ সংখ্যক ৰাজ্য হিচাপে কৰা জল্পনা-কল্পনাৰ বিষয়েও প্ৰকাশ কৰে ।
কানাডাৰ বিষয়ে কয় ট্ৰাম্পে-
কানাডাৰ বিষয়ে প্ৰশ্ন কৰাত ট্ৰাম্পে কয় যে কানাডা আমেৰিকাৰ এখন ৰাজ্য হ’ব লাগে । ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে এয়া ভাল হ’ব বুলিও তেওঁ কয় । ট্ৰাম্পে কয় যে মোৰ কানাডাত বহুত বন্ধু আছে, মই কানাডাৰ জনসাধাৰণক ভাল পাওঁ, কিন্তু আমেৰিকাই আৰু কানাডাক অৰ্থনৈতিকভাৱে সহায় কৰিব নোৱাৰে । কানাডাৰ ওপৰত শুল্ক আৰোপ কৰাৰ ইংগিতো দিয়ে তেওঁ । তেওঁ কয় যে আমি কানাডাক আমেৰিকাৰ অংশ হিচাপে গঢ়ি তুলিবলৈ অৰ্থনৈতিক শক্তি ব্যৱহাৰ কৰিম ।
হামাছক সকীয়াই দিলে ট্ৰাম্পে-
গাজাত ইজৰাইলী পণবন্দীক লৈ হামাছক সকীয়াই দিছে ট্ৰাম্পে । তেওঁ কয় যে যদি মই কাৰ্যভাৰ গ্ৰহণ কৰাৰ পূৰ্বে ইজৰাইলী পণবন্দীসকলক ঘূৰাই নিদিয়ে তেন্তে মধ্যপ্ৰাচ্যৰ সকলো ধ্বংস হ’ব । তেওঁ কয় যে এইটো হামাছকে ধৰি কাৰো বাবে ভাল নহ’ব ।
মেক্সিকো উপসাগৰৰ নাম সলনি কৰি কৰা হ’ব আমেৰিকা উপসাগৰ-
সংবাদমেলত আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক চাঞ্চল্যকৰ ঘোষণা কৰে । তেওঁ কয় যে তেওঁ গালফ অৱ মেক্সিকোৰ নাম সলনি কৰি গালফ অৱ আমেৰিকা কৰিবলৈ ওলাইছে । তেওঁ কয়, কি সুন্দৰ নাম এয়া । এইটো যুক্তিসংগতও । অৱশ্যে ইয়াৰ বাবে কোনো সময়সীমা দিয়া নাই তেওঁ ।
পানামা কেনেল-গ্ৰীনলেণ্ড দখলৰ দাবী পুনৰবাৰ উল্লেখ কৰে-
আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পুনৰবাৰ পানামা কেনেল আৰু গ্ৰীণলেণ্ড দখল কৰাৰ দাবী পুনৰবাৰ প্ৰকাশ কৰিছে । এই দুয়োটা অঞ্চলৰ নিয়ন্ত্ৰণ দখল কৰিবলৈ সামৰিক শক্তিৰ ব্যৱহাৰ নুই নকৰে বুলিও তেওঁ কয় । তেওঁ কয় যে এই দুয়োটা ক্ষেত্ৰতে আমেৰিকাৰ নিয়ন্ত্ৰণ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে গুৰুত্বপূৰ্ণ । তেওঁ কয় যে পানামা কেনেল চীনে চলাই আছে, আনহাতে আমি কেনেলটো পানামাক দিছিলোঁ । তেওঁলোকে ইয়াৰ অপব্যৱহাৰ কৰিছে । এইটো নিৰ্মাণ কৰা কেতিয়াও উচিত নাছিল ।
প্ৰতিৰক্ষা ব্যয় বৃদ্ধিৰ বাবে নাটো দেশসমূহৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে ট্ৰাম্পে-
সংবাদমেলৰ সময়ত ড’নাল্ড ট্ৰাম্পে নাটোৰ সদস্যসকলক তেওঁলোকৰ প্ৰতিৰক্ষা ব্যয় মুঠ ঘৰুৱা উৎপাদনৰ (জি ডি পি) পাঁচ শতাংশলৈ বৃদ্ধি কৰিবলৈ হেঁচা প্ৰয়োগ কৰে । তেওঁ কয় যে নাটো দেশসমূহে ইয়াৰ সামৰ্থ্য আছে, কিন্তু সেয়া দুই শতাংশ নহয়, পাঁচ শতাংশ হ’ব লাগে । ট্ৰাম্পে আৰু কয়, ‘আমাৰ হাতত থকা ধনৰ অতি কম অংশহে ইউৰোপে পাব । আমাৰ মাজত এক সাগৰ আছে, ইউৰোপতকৈ ট্ৰিলিয়ন ডলাৰ বেছি টকা খৰচ কৰিম কিয় ?’
বাইডেনৰ পুৰণি সিদ্ধান্তও সলনি হ’ব-
সংবাদমেলৰ সময়ত তেওঁ বৰ্তমানৰ ৰাষ্ট্ৰপতিগৰাকীৰ বহু সিদ্ধান্ত সলনি কৰাৰ ইংগিতো দিয়ে । তেওঁ ঘোষণা কৰে যে কাৰ্যভাৰ গ্ৰহণ কৰাৰ লগে লগে তেওঁ গেছ আৰু তেলৰ বাবে অফশ্ব’ৰ ড্ৰিলিঙৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই ল’ব । উল্লেখযোগ্য যে জো বাইডেনে বহু অঞ্চলত সাগৰত তেল আৰু গেছ খনন নিষিদ্ধ কৰিছিল । ইয়াৰ আঁৰৰ কাৰণ তেওঁৰ জলবায়ু এজেণ্ডাক অগ্ৰাধিকাৰ দিয়া বুলিও তেওঁ কয় । একে সময়তে ট্ৰাম্পে ইয়াক বাতিলৰ দিশে আগবাঢ়িছে ।