মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছতে এখন সংবাদমেল সম্বোধন কৰে দেৱেন্দ্ৰ ফাড়নৱিছে। সংবাদমেলখনত নতুন মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে “যদিও চৰকাৰত মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰী হিচাপে আমাৰ ভূমিকা সলনি হৈছে, তথাপিও আমাৰ দিশ আৰু সমন্বয় একেই থাকিব।
আমি যি প্ৰতিশ্ৰুতি দিছো, আমি সেইবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰিম”।তেওঁ কয় যে “আমাৰ ৰাজনীতি প্ৰতিশোধৰ বিষয়ে নহয়, কিন্তু পৰিৱৰ্তনৰ বিষয়ে হ’ব। আমি বিৰোধী পক্ষক সন্মান কৰিম আৰু নিশ্চিত কৰিম যে অহা পাঁচ বছৰৰ বাবে ৰাজ্যখনত এখন স্থিৰ চৰকাৰ আছে”।
তেওঁ এইটোও স্পষ্ট কৰি দিছিল যে “অধ্যক্ষৰ নিৰ্বাচন মুম্বাই অধিৱেশনৰ সময়ত অনুষ্ঠিত হ’ব আৰু বিধানসভাৰ অধিৱেশন ৭ ৰ পৰা ৯ ডিচেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’ব। অৱশ্যে নাগপুৰ অধিৱেশনৰ পূৰ্বেই কেবিনেট সম্প্ৰসাৰিত কৰা হ’ব। কেবিনেট বিতৰণৰ সিদ্ধান্ত প্ৰায় লোৱা হৈছে, কিন্তু সংখ্যাবোৰ পিছত প্ৰকাশ কৰা হ’ব”।
আনহাতে একনাথ শিন্দে সন্দৰ্ভত ফাড়নৱিছে কয় যে , “তেওঁ খং কৰা নাছিল, কেৱল অসন্তুষ্টিৰ খবৰহে বিয়পি পৰিছিল”।ইফালে অসমত গোমাংস নিষিদ্ধ কৰাৰ প্ৰশ্নত ফাডনাভিছে কয়, “আমি মহাৰাষ্ট্ৰত গৰু হত্যা নিষিদ্ধ কৰা আইন কাৰ্যকৰী কৰিছো আৰু ইয়াক কঠোৰভাৱে ৰূপায়ণ কৰা হ’ব।” “
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে “তেওঁ শৰদ পাৱাৰ, উদ্ধৱ ঠাকৰে আৰু ৰাজ ঠাকৰেক শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনাইছিল, তেওঁলোক সকলোৱে তেওঁক অভিনন্দন জনাইছিল, কিন্তু কিছুমান কাৰণত তেওঁ আহিব নোৱাৰিলে”।
ৰাজনীতিত আলোচনাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ফাড়নৱিছে কয়, “ৰাজনীতিত আলোচনাৰ স্থান থাকিব লাগে। উদ্ধৱ ঠাকৰেৰ ওপৰত এক প্ৰচ্ছন্ন আক্ৰমণত ফাডনাভিছে কয়, “ৰাজনীতিত কোনো অন্ত নাই, সকলোৱে থাকিব, আমিও থাকিম।”