ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে লাইফটাইম এচিভমেণ্ট বঁটা প্ৰদান কৰে টিম ইণ্ডিয়াৰ প্ৰাক্তন কিংবদন্তি বেটছমেন শচীন টেণ্ডুলকাৰক । ইয়াৰ উপৰিও টিম ইণ্ডিয়াৰ যুৱ বেটছমেন চৰফৰাজ খান আৰু প্ৰাক্তন প্ৰবীণ স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনকো ডাঙৰ খিতাপ প্ৰদান কৰে । অশ্বিনক বি চি চি আইয়ে বিশেষ বঁটা প্ৰদান কৰে । ইয়াৰ উপৰিও চৰফৰাজ খানক তেওঁৰ উজ্জ্বল অভিষেকৰ বাবে বঁটা প্ৰদান কৰে ।
🚨 𝗖𝗼𝗹. 𝗖.𝗞. 𝗡𝗮𝘆𝘂𝗱𝘂 𝗟𝗶𝗳𝗲𝘁𝗶𝗺𝗲 𝗔𝗰𝗵𝗶𝗲𝘃𝗲𝗺𝗲𝗻𝘁 𝗔𝘄𝗮𝗿𝗱 🚨
— BCCI (@BCCI) February 1, 2025
He has given innumerable moments for cricket fans to celebrate and today we celebrate the Master 🫡🫡
The legendary Mr. Sachin Tendulkar receives the prestigious award 🏆
Many congratulations… pic.twitter.com/C3lE7Cfdsd
শচীন টেণ্ডুলকাৰ-
কিংবদন্তি শচীন টেণ্ডুলকাৰক বি চি চি আইৰ ‘কৰ্ণেল চি কে নাইডু লাইফটাইম এচিভমেণ্ট এৱাৰ্ড’ৰে সন্মানিত কৰা হয় । কিংবদন্তি টেণ্ডুলকাৰে ভাৰতৰ হৈ ২০০খন টেষ্ট, ৪৬৩খন এদিনীয়া আৰু ১খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল । শচীনে টেষ্টত ১৫৯২১ ৰান, এদিনীয়াত ১৮৪২৬ ৰান আৰু একমাত্ৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ১০ ৰান সংগ্ৰহ কৰিছে । ইয়াৰ বাহিৰেও বলিঙত তেওঁ টেষ্টত ৪৬টা আৰু এদিনীয়াত ১৫৪টা উইকেট দখল কৰিছে ।
ৰবিচন্দ্ৰন অশ্বিন-
ভাৰতীয় দলৰ প্ৰাক্তন কিংবদন্তি স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনক বি চি চি আইয়ে ‘বি চি চি আই বিশেষ বঁটা’ প্ৰদান কৰে । উল্লেখ্য যে ২০২৪-২৫ চনত অষ্ট্ৰেলিয়া ভ্ৰমণত খেলা বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ মাজতে অশ্বিনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল । ভাৰতীয় স্পীনাৰগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ১০৬খন টেষ্ট, ১১৬খন এদিনীয়া আৰু ৬৫খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে ।
চৰফৰাজ খান-
টিম ইণ্ডিয়াৰ তাৰকা বেটছমেন চৰফৰাজ খানক বি চি চি আইয়ে ‘শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় অভিষেক’ বঁটা প্ৰদান কৰে । মন কৰিবলগীয়া যে ইংলেণ্ডৰ বিৰুদ্ধে খেলা টেষ্টৰ জৰিয়তে ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত চৰফৰাজ খানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায় । কেৰিয়াৰৰ প্ৰথমখন টেষ্টৰ দুয়োটা ইনিংছতে চফৰাজ খানে ক্ৰমে ৬২ আৰু ৬৮* ৰান সংগ্ৰহ কৰে । চৰফৰাজে এতিয়ালৈকে টিম ইণ্ডিয়াৰ হৈ ৬খন টেষ্ট খেলিছে, য’ত তেওঁ ৩৭.১০ গড়ে ৩৭১ ৰান সংগ্ৰহ কৰিছে । এই সময়ছোৱাত তেওঁৰ বেটৰ পৰা ১ শতক আৰু ৩টা অৰ্ধশতক আহিছে ।
বুমৰাহক বি চি চি আইৰ পলি উমৰিগৰ বঁটা-
ভাৰতীয় ক্ৰিকেট দলৰ বেগী বলাৰ যশপ্ৰীত বুমৰাহ বহুবাৰ শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছে । বুমৰাহে প্ৰতিটো ফৰ্মেটতে নিজৰ যাদু দেখুৱাইছে । ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে তেওঁক এটা ডাঙৰ খিতাপেৰে সন্মানিত কৰিছে । বুমৰাহক শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত কৰা হৈছে । তেওঁক পলি উমৰিগৰ বঁটাৰে সন্মানিত কৰা হৈছে ।
২০২৩-২৪ বৰ্ষৰ শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত হৈছে বুমৰাহ । এই কাৰণে তেওঁক পলি উমৰিগৰ উপাধিৰে সন্মানিত কৰা হৈছে ।