এক শক্তিশালী বিস্ফোৰমত কঁপি উঠিল পাকিস্তান ।শুকুৰবাৰে কুৱেটা ৰে’লৱে ষ্টেচনত আত্মঘাটী বিস্ফোৰণত ২১ জন লোক নিহত হোৱাৰ লগতে ৩০তকৈও অধিক লোক আহত হৈছে। জানিব পৰা মতে বিস্ফোৰণটো সংঘটিত হোৱাৰ সময়ত ষ্টেচনত যথেষ্ট লোকৰ ভিৰ আছিল।
কাৰণ এখন যাত্ৰীবাহী ৰে’ল ষ্টেচন এৰিবলৈ সাজু হৈছিল আৰু আন এখন যাত্ৰীবাহী ৰে’ল আহিবৰ সময় হৈছিল।জাফৰ এক্সপ্ৰেছ পুৱা ৯ বজাত পেছাৱাৰলৈ ৰাওনা হোৱাৰ কথা আছিল। সেই সময়তে সংঘটিত হৈছিল বিস্ফোৰণটো। ইতিমধ্যে বেলুচ লিবাৰেচন আৰ্মীয়ে বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে।
দায়িত্ব স্বীকাৰ কৰি বেলুচ লিবাৰেচন আৰ্মীৰ মুখপাত্ৰ কয় যে “”আমি কুৱেটা ৰে’ল ষ্টেচনত পাকিস্তানী সেনাৰ ওপৰত হোৱা আত্মঘাতি আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছো।সেনাৰ দলটোৱে ইনফেণ্ট্ৰী স্কুলৰ পৰা পাঠ্যক্ৰম সম্পূৰ্ণ কৰি জাফৰ এক্সপ্ৰেছৰ দ্বাৰা উভতি আহিছিল। আৰু তেওঁলোকক লক্ষ্য কৰিয়েই এই আক্ৰমণটো কৰা হৈছিল”।
বিস্ফোৰণৰ পিছত, কুৱেটা ৰে’ল ষ্টেচনত এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছিল। ঘটনা স্থলীত আৰক্ষী আৰু বোমা নিষ্কাশন কাৰী দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।জানিব পৰা মতে মৃতকৰ সংখ্যা আৰু অধিক হোৱাৰ সম্ভাৱনা আছে।