বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানে মঙলবাৰৰ পৰা পুনৰ আৰম্ভ কৰিলে তেওঁৰ বহু প্ৰত্যাশিত ছবি ‘চিকন্দৰ’ৰ শ্বুটিং । ছবিখনৰ পৰিচালনা কৰিছে ‘গজিনী’ৰ খ্যাত পৰিচালক এ আৰ মুৰুগাডোছে । এই ছবিত মহিলা মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰশ্মিকা মান্দনাই । ছবিখন সন্দৰ্ভত উদ্যোগটোত যথেষ্ট চৰ্চা চলিছে ।
ছিকন্দৰৰ শ্বুটিং আৰম্ভ হ’ল-
প্ৰডাকচনৰ ঘনিষ্ঠ সূত্ৰই জনোৱা মতে, ‘এতিয়া পৰিকল্পিত অনুষ্ঠান অনুসৰি ছলমান খানে ‘চিকান্দৰ’ৰ শ্বুটিং কৰি আছে ।’ কিছুদিনৰ পৰা ছলমানে নিজৰ প্ৰতিশ্ৰুতিৰ পৰা বিৰতি লৈছিল । যোৱা কেইটামান দিন অভিনেতাগৰাকীৰ বাবে আৱেগিকভাৱে অতি কঠিন হৈ পৰিছে । কাৰণ কিছুদিন পূৰ্বে মুম্বাইৰ বান্দ্ৰা অঞ্চলত থকা তেওঁৰ কাৰ্যালয়ৰ ওচৰত তেওঁৰ বন্ধু তথা ৰাজনীতিবিদ বাবা ছিদ্দিকীক গুলীয়াই হত্যা কৰা হৈছিল ।
চিকন্দৰৰ বিষয়ে কবলৈ গ’লে ছবিখনৰ জৰিয়তে আন এক স্মৰণীয় অভিনয়ৰ বাবে সাজু হৈছে ছলমান খান । তেওঁৰ অনুৰাগীসকলক তেওঁলোকে অপেক্ষা কৰি থকা মনোৰঞ্জন আৰু ড্ৰামা দিবলৈ ওলাইছে ছলমান খানে ।
ছলমান আৰু ৰশ্মিকাক ‘চিকন্দৰ’ৰ জৰিয়তে প্ৰথমবাৰৰ বাবে একেলগে দেখা যাব । ছবিখন প্ৰযোজনা কৰিছে নদিয়াডৱালা গ্ৰেণ্ডছন এণ্টাৰটেইনমেণ্টৰ ছাজিদ নাদিয়াডৱালাই । ২০১৪ চনত মুক্তি পোৱা ‘কিক’ৰ পিছত আকৌ এবাৰ একত্ৰিত হৈছে ছলমান আৰু ছাজিদ । নিৰ্মাতাসকলে ছবিখন ২০২৫ চনৰ ঈদত মুক্তিৰ সময় নিৰ্ধাৰণ কৰিছে ।
বিগ বছ ১৮ৰ বাবে শ্বুটিং ছলমান-
উল্লেখ্য যে,বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ পিছত লৰেন্স বিষ্ণোই গেঙে হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছিল । ইয়াৰ পিছত ছলমানৰ নিৰাপত্তাৰ ব্যৱস্থাও বৃদ্ধি কৰা হৈছে । সম্পূৰ্ণ নিৰাপত্তাৰ মাজতে ছলমান খানে বিগ বছক ১৮ৰ দৃশ্যগ্ৰহণ কৰিছিল ।