মুম্বাইৰ বিখ্যাত লীলাৱতী চিকিৎসালয়ৰ বৰ্তমানৰ ট্ৰাষ্টীসকলে প্ৰাক্তন ট্ৰাষ্টীসকলৰ ওপৰত ধন আত্মসাৎ কৰা আৰু ক’লা যাদু কৰাৰ অভিযোগ উত্থাপন কৰিছে।
অভিযোগ অনুসৰি, চিকিৎসালয়খন ১৯৯৭ চনত প্ৰশান্ত মেহতাৰ দেউতাক কিশোৰ মেহতাই নিৰ্মাণ কৰিছিল।
প্ৰশান্ত মেহতাই কয় যে ২০০২-০৩ চনত তেওঁৰ দেউতাক কিশোৰ মেহতা চিকিৎসাৰ বাবে বিদেশলৈ গৈছিল য’ত কিশোৰ মেহতাৰ ভায়েক বিজয় মেহতাই স্বাক্ষৰ জালিয়াতি কৰি লীলাৱতী ট্ৰাষ্ট নিজৰ হাতলৈ নিছিল।
প্ৰশান্ত মেহতাৰ মতে, বিজয় মেহতাই এই সময়ছোৱাত তেওঁৰ পুত্ৰ আৰু আন আত্মীয়সকলক সেই ট্ৰাষ্টৰ অধিনত কৰিছিল।
পিছত, কিশোৰ মেহতা, তেওঁৰ পত্নী চাৰু মেহতা আৰু প্ৰশান্ত মেহতাই বিজয় মেহতাৰ বিৰুদ্ধে সহকাৰী দাতব্য আয়ুক্তৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰে।
এই গোচৰটো ২০ বছৰ ধৰি চলিছিল আৰু ২০২৩ চনৰ নৱেম্বৰত, সহকাৰী দাতব্য আয়ুক্তই ৰায় দিছিল যে লীলাৱতী চিকিৎসালয়ৰ ন্যাস কিশোৰ মেহতা, চাৰু মেহতা আৰু তেওঁলোকৰ পুত্ৰ প্ৰশান্ত মেহতাৰ।
অৱশ্যে, সহকাৰী দাতব্য আয়ুক্তৰ এই সিদ্ধান্তক বিজয় মেহতাৰ পৰিয়ালে দাতব্য আয়ুক্তত প্ৰত্যাহ্বান জনাইছে, আৰু শুনানি চলি আছে।
বৰ্তমান, চিকিৎসালয়ৰ ন্যাস প্ৰশান্ত মেহতাৰ হাতত আছে। প্ৰশান্ত মেহতাই কয় যে যিহেতু ট্ৰাষ্টটো তেওঁৰ ওচৰলৈ ঘূৰি আহিছে, তেওঁ ফৰেনচিক অডিট কৰিছে, আৰু তেওঁৰ ফৰেনচিক অডিটত এইটো পোহৰলৈ আহিছে যে চিকিৎসালয়ত লাখ লাখ টকা আত্মসাৎ কৰা হৈছে।
এই সন্দৰ্ভত তিনিটা পৃথক এজাহাৰ দাখিল কৰা হৈছে। প্ৰথম এজাহাৰখন ১২ কোটি টকাৰ কেলেংকাৰীৰ বাবে, আনহাতে দ্বিতীয় খন এজাহাৰ ৪৪ কোটি টকাৰ কেলেংকাৰীৰ বাবে, আৰু তৃতীয় খন এজাহাৰ দুদিন পূৰ্বে দাখিল কৰা হৈছিল,য’ত প্ৰায় ১২৫০ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগত কৰা হৈছে।
প্ৰশান্ত মেহতাই অভিযোগ কৰিছে যে চিকিৎসালয়ত এটা মৰণোত্তৰ বিভাগ থকা স্বত্বেও, প্ৰাক্তন ট্ৰাষ্টীয়ে বাহিৰৰ কোম্পানীৰ পৰা সামগ্ৰী সংগ্ৰহৰ নামত এই কেলেংকাৰী সংঘটিত কৰিছে।
মুম্বাইৰ বান্দ্ৰা আৰক্ষী থানাত তিনিওখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে, আৰু অধিক অনুসন্ধানৰ বাবে গোচৰটো ই.ও.ডব্লিউ.লৈ স্থানান্তৰ কৰা হৈছে।
প্ৰশান্ত মেহতাৰ দ্বাৰা এইটোও অভিযোগ কৰা হৈছিল যে প্ৰাক্তন ট্ৰাষ্টীসকলে ট্ৰাষ্টৰ সভাপতিৰ বহা কেবিনত ক’লা যাদু কৰিছিল।
প্ৰশান্ত মেহতা বৰ্তামন যিটো কেবিনত বহে চিকিৎসালয়ৰ কিছুমান প্ৰাক্তন কৰ্মচাৰীয়ে কৈছিল যে সেই স্থানত ক’লা যাদুত কৰা হৈছিল।
ইয়াৰ পিছত, প্ৰশান্ত মেহতাই কোঠাটো খনন কৰিছিল আৰু মজিয়াৰ তলত মানুহৰ হাড়, চুলি আৰু ক’লা যাদুত ব্যৱহৃত বিভিন্ন সামগ্ৰী থকা ৮ টা ভাণ্ডাৰ পাইছিল।